আৰিয়ান খানক মুক্তিৰ বিনিময়ত ধন দাবী এ চি বিৰ

Pc- Gulf News

আৰিয়ান খানক মুক্তিৰ বিনিময়ত ধন দাবী এ চি বিৰ

ৰঙিলী বাৰ্ত্তাসেৱা- এন চি বিৰ বিষয়া সমীৰ ৱাংখেড়েই  ড্ৰাগছৰ গোচৰত আৰিয়ানক মুক্তি দিয়াৰ বিনিময়ত শ্বাহৰুখ খানৰ পৰা ১৮ কোটি টকা দাবী কৰিছিল। গোচৰটোৰ এক সাক্ষীয়ে এই মন্তব্য কৰাৰ লগে লগে বিষয়টোক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰিয়ান খানৰ বিৰুদ্ধে কথা ক’বলৈ নার্ক’টিক্স কন্ট্রোল ব্যুৰ বা এন চি বিয়ে ধন দিয়া বুলিও সাক্ষীজনে উল্লেখ কৰিছে। দেশৰ কেইবাটাও সংবাদ মাধ্যমে সাক্ষীজনৰ এই মন্তব্য প্রকাশ কৰাৰ পিছত এন চি বিয়ে সেয়া ভুৱা বুলি আখ্যা দিছে।আৰিয়ানৰ সৈতে ছেলফি উঠি থকা অৱস্থাত দেখিবলৈ পোৱা কিৰণ পি গোভাছিক প্ৰথমতে এন চি বিৰ বিষয়া বুলি ধাৰণা কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁ এই গোচৰটোৰ অন্যতম সাক্ষী বুলিহে উল্লেখ কৰে এন চি বিয়ে। বর্তমান গোভাছি পলাতক অৱস্থাত আছে। গোভাছিৰ গাড়ীচালক প্রভাকৰ ছেইলে জনোৱা অনুসৰি এন চি বিয়ে ভুবা জবানবন্দীত তেওঁৰ পৰা স্বাক্ষৰ লৈছে। এতিয়া বিষয়টোক লৈ সৃষ্টি হৈছে ৰহস্য। শ্বাহৰুখ খানৰ পুত্ৰৰ বিৰুদ্ধে মুখ খুলিবলৈ এন চি বিয়ে বৃহৎ অংকৰ ধনৰ প্ৰলোভন দিছে। আনকি এইক্ষেত্ৰত এক চুক্তি হোৱা বুলিও প্রভাকৰে উল্লেখ কৰিছে। এন চি বিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন হোৱাৰ লগে লগে বিষয়টোক লৈ মায়ানগৰী মুম্বাইত সৃষ্টি হৈছে চাঞ্চল্য।