আহ্নিকাঞ্জলি…
তোমাক পাহৰিব খোজোঁ মই,
কলমৰ ভাষাবোৰ
নিৰৱে বুটলি বুটলি…..!
ৰ’দাল পথৰ তুমি নামৰ ছায়াই
পৰাণ জুৰাবলে অপাৰগ আছিল
সেয়ে জানা, ভাৱন বৰ্ষাই তিয়ালে হি মোক
ন কবিতা স্ৰজিবলে….
চিঞাহীৰ তৰা হৈ জিলিকে এতিয়া দুওঁঠ…!
কলমেৰে বৈ আহে সেই আৱেগৰ নৈখন…!
নয়নে কৈ যোৱা কাহিনী,
কাব্যিক ফুল ৰূপে আহে, নামি নামি
ডায়েৰীৰ পৃষ্ঠালে….!
আজি কেৱল মই আৰু মইৰ মাজত “আহ্নিকাঞ্জলি”
সংগীতা মাইনা ডেকা, ৰঙিয়া