আহিবা ভোগালীত – এছ ইছলাম

আহিবা ভোগালীত
এছ ইছলাম, বৰপেটা
ভোগৰ পিঠা খাবলৈ
আহিবা তুমি ভোগালীত
জুই জ্বলাই মেজিত
নাচিম দুয়ো আনন্দত ।
নীৰৱে বহিম তোমাৰ লগত
মনৰ যত বেদনা আছে অন্তৰত
খুলি খুলি কম তোমাৰ আগত
সুবৰ্ণিল আকাশৰ তলত ।
মেজিৰ জুইৰ পোহৰত
তুমি আৰু মই হ’ম একত্ৰিত
একে একে তিনিৰ সমাহাৰ
গঠন হ’ব সুখৰ সংসাৰ।
তোমালৈ চাই চাই
হৃদয় পুৰি হ’ল ছাই
কোন দিন আহিবা ঐ
আজিলৈ তুমি অহা নাই।
তুমি আহিবা বুলিয়েই
বাৰে বাৰে মোৰ মনলৈ
জ্বলিছে কামনাৰ জুই
নুমুৱাবৰ উপায় নাই ।
বনজুই দেখা পাই
তুঁহৰ জুই নীৰৱে ৰয়
পুৰি পুৰি ছাঁই হৈ যায়
অন্তৰৰ জুই দেখাত নাই।