আহিনৰ সুৰীয়া বাঁহী
মানসী মিশ্ৰ
অই’ আহিন আকৌ আহিছা
মেঘালি চুলিটাৰিৰে
নিয়ৰত তিতিবলৈ আৰু শেৱালিক
হয়টো শেৱালিক মৰমৰ উমৰে
আকোঁৱালি ল’বলৈ
এৰা, তোমাক দেখিলেই জানা
মোৰ ওঠত বিৰিঙে সেউজীয়া হাঁহি
মোৰ অনুভৱ বোৰেও মৌন ওঠত
নিজম নিশাও সাৰ পাই উঠে
আৰু সেই সপোনবোৰে মোৰ
চকুৰ পতাত কিয় মিচিক মাচাক হাঁহে ?
হয়তোবা তোমাৰ অনুভৱবোৰ
সেই সপোনৰ বোকোচাত উঠি আহে নেকি ?
পাহৰিব পাৰি জানোঁ সপোনবোৰ
মোহাৰিব পাৰি জানো সেই
সোঁৱৰণী এখিলা পাত।