আহমেদাবাদৰ CEPT University ৰ শিক্ষাৰ্থী দলে মাজুলীৰ বাৰেৰহণীয়া সংস্কৃতি দৰ্শন কৰি অভিভূত

আহমেদাবাদৰ CEPT University ৰ শিক্ষাৰ্থী দলে মাজুলীৰ বাৰেৰহণীয়া সংস্কৃতি দৰ্শন কৰি অভিভূত ,
দলটিয়ে আৰ্শীবাদ ল’লে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীৰ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  আহমেদাবাদৰ CEPT University  এটি শিক্ষাৰ্থী দলে মাজুলীৰ গোপালপুৰস্হিত পৰ্যটক নিবাস মহেশ্বৰ লেণ্ডত আধ্যাত্মিক পৰিবেশৰ মাজেৰে ১২ ডিচেম্বৰৰ সন্ধ্যা উপভোগ কৰিলে মাজুলীৰ বাৰেৰহণীয়া সংস্কৃতি । Education and Filed Tourism  শিক্ষা আৰু ক্ষেত্ৰভিত্তিক পৰ্যটনেৰে ‘ঐতিহ্যৰ অন্বেষণ’ মহোৎসৱ হিচাপে প্ৰথমবাৰলৈ কম পোহৰ আৰু মাইক্ৰফোনৰ কম ব্যৱহাৰৰ মাজেৰে মাজুলীৰ এখন প্ৰকৃত ছৱি দাঙি ধৰিবলৈ প্ৰয়াস কৰা হয় অনুষ্ঠানটিৰ মাজেৰে ।দেশৰ বিভিন্ন ৰাজ্যৰ এই শিক্ষাৰ্থী দলটিৰ আগত স্থানীয় লোকৰ দ্বাৰা গায়ন-বায়ন, বৰগীত পৰিবেশনৰ লগতে দশৱতাৰ নৃত্য, সুত্ৰধাৰ, ভাওনাৰ কিছু দৃশ্যাংশ প্ৰদৰ্শনেৰে গুৰু দুজনাই দি থৈ যোৱা সংস্কৃতিৰ কিছু আভাস দিবলৈ যত্ন কৰে। দলটিত আছিল বিভিন্ন বিভাগত অধ্যয়নৰত কেৰেলা, মধ্যপ্ৰদেশ, ৰাজস্থান, কৰ্ণাটক আদি ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী। অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে।
সত্ৰাধিকাৰ গৰাকীৰ পৰা ছাত্ৰ-ছাত্ৰীৰ দলটিয়ে লয় আৰ্শীবাদ। অনুষ্ঠানটিত ভোগপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ উৎপল মহন্ত, মাজুলী টুৰিজিম প্ৰতিষ্ঠানৰ চিইঅ’ জে. এন. শৰ্মা, জিলা পৰ্যটন উন্নয়ন বিষয়া মাধৱ দাস, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া, হিমাংশু গোহাঁই,এ পি এচ(প্ৰবেচনাৰ) চি আৰ পি এফৰ কামাণ্ডেণ্ট গৰাকীৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।  অনুষ্ঠানটিৰ আৰম্ভণিতে গড়মূৰ সৰু সত্ৰৰ শিল্পী দলৰ গায়ন-বায়ন আৰু মন্দিৰা দাস বৰুৱাৰ বৰগীত পৰিবেশনেৰে অনুষ্ঠানটি মনোগ্ৰাহী কৰি তোলে । অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাত বিশেষভাৱে সহায় কৰা স্হানীয় ৰাইজৰ লগতে পিতৃ প্ৰফুল্ল বৰুৱা, মাতৃ ৰেখা বৰা বৰুৱা, প্ৰফেছাৰ ইমন ৰাজালৈ মহেশ্বৰ লেণ্ডৰ স্বতাধিকাৰী জাহ্নু বৰুৱাই কৃতজ্ঞতা প্ৰকাশ কৰে। লগতে প্ৰতি বছৰে এই Education and Filed Tourism শিক্ষা আৰু ক্ষেত্ৰভিত্তিক পৰ্যটনেৰে ‘ঐতিহ্যৰ অন্বেষণ’ মহোৎসৱ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰি যোৱাৰ কথা জানিবলৈ দিয়ে।