আশা কৰ্মীক দহ হাজাৰ টকাৰ মাহিলী দৰমহা সুনিশ্চিত কৰাৰ দাবী আম আদমি পাৰ্টীৰ

আশা কৰ্মীক দহ হাজাৰ টকাৰ মাহিলী দৰমহা সুনিশ্চিত কৰাৰ দাবী আম আদমি পাৰ্টীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  চৰকাৰে আশা কৰ্মী সকলৰ সৈতে অমানৱীয় ব্যৱহাৰ কৰিছে৷ পাৰিতোষিকৰ নামত চৰকাৰে আশা কৰ্মী সকলক দিয়া পুতৌলগা মাননিৰ তথ্য আপ অসমৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাই সংবাদমেলত ৰাজহুৱা কৰি কয় যে এই টকাৰে এটা পৰিয়াল চলাতো বাদেই এজন মানুহৰে ভাত মুকলি নহয়৷ উল্লেখযোগ্যযে কিছুবছৰৰ আগতে আশাকৰ্মী সকলৰ বাবে চৰকাৰে মাহিলী ৩০০০ টকাকৈ দৰমহা ঘোষণা কৰিছিল যদিও ৰাজহুৱা কৰা তথ্য অনুসৰি এইয়া মাথোঁ উদগনিমূলক মাননিহে৷ ইয়াৰে ২০০০ টকা পাবলৈ আশাকৰ্মী সকলে ৮ টা টাৰ্গেট আৰু অতিৰিক্ত ১০০০ টকা পাবলৈ ১৩ টা টাৰ্গেট পূৰণ কৰিবলগীয়া হয়৷ এই কষ্টকৰ টাৰ্গেটসমূহ পূৰণ কৰাৰ পিছতো কিন্তু কেতিয়াবা ৬ মাহলৈকে মাননি নাপায় আশা কৰ্মীসকলে৷ উদগনিমূলক মাননি প্ৰ-পত্ৰত উল্লেখ থকা আৰু কিছু টাৰ্গেট এনেধৰণৰঃ শিশুৰ মৃত্যুৰ প্ৰতিবেদনঃ ৫০ টকা, মাতৃৰ মৃত্যুৰ প্ৰতিবেদনঃ ২০০ টকা, পাঁচ বছৰৰ তলৰ শিশু থকা পৰিয়ালত ORS বিতৰণঃ ১ টকা, ০-১ বছৰৰ শিশুক সম্পূৰ্ণ প্ৰতিষেধক নিশ্চিত কৰাঃ ১০০ টকা৷ (অৰ্থাৎ ডেৰ মাহ, আঢ়ৈ মাহ, তিনি মাহ ১৫ দিন আৰু দহ মাহ আদিৰ সম্পূৰ্ণ প্ৰতিষেধক দিয়াৰ পিছত), Full ANC নিশ্চিত কৰাৰ বাবেঃ ১০০ টকা (অৰ্থাৎ ৪ বাৰ হস্পিতালত চেকআপ কৰোৱাৰ বাবদ), গৰ্ভাৱস্থাৰ আগতীয়া পঞ্জীয়ন আৰু বেংক একাউণ্ট খুলি দিয়াৰ বাবদ মাত্ৰ ৫০ টকা৷ তাৰোপৰি ঘৰলৈ গৈ গৰ্ভনিৰোধক বড়ি বিতৰণৰ বাবদ মাথোঁ ১ টকা (বিতৰণ কৰা ঘৰৰ পৰা সংগ্ৰহ কৰিব লাগে)৷  ইয়াতে লক্ষ্য ৰাখিব লগীয়া বিষয় হ’ল যে অধিক সংখ্যক গাঁৱৰ আশা কৰ্মীৰ কৰ্মস্থলীৰ পৰা বেংকৰ দূৰত্ব ৫ ৰ পৰা ১০ কিঃমিঃ আৰু সন্তান প্ৰসৱ কৰোৱাৰ সুবিধা থকা চৰকাৰী হাস্পতালৰ দূৰত্ব প্ৰায় ১০ ৰ পৰা ২০ কিঃমিঃ পৰ্যন্ত৷যিকোনো চৰকাৰী বিভাগে আশা কৰ্মী সকলক ভিন্ন কামত নিয়োজিত কৰোৱাই কেতিয়াবা পাবলগীয়া পাৰিতোষিকো নিদিয়ে৷ ৰ’দ-বৰষুণক ভ্ৰূক্ষেপ নকৰি ভেকচিন কেৰিয়াৰ কান্ধতলৈ ঘৰে ঘৰে পলিঅ’ প্ৰতিষেধক প্ৰদান কৰাৰ বাবদ দিনটোৰ হিচাপত চৰকাৰে দিয়ে মাত্ৰ ৭৫ টকা৷ ৭৫ টকাৰ মাননিৰে এখন ঘৰ চলোৱাটো বাদেই এক কেজি বিলাহীও নাপায় আজিৰ বজাৰত৷কৰ’ণা কালত দিনে নিশাই জনসেৱা কৰা আশা কৰ্মী সকলক নিৰ্বাচনৰ সময়তো কামত লগালে অসম চৰকাৰে৷ কিন্তু পৰিতাপৰ বিষয়যে আজি পৰ্যন্ত সৰহসংখ্যক আশাই নাপালে মাননি৷ বহুতো আশা কৰ্মীয়ে সংঘবদ্ধভাৱে আহ্বান জনোৱাৰ পিছতো চৰকাৰে আশা সকলক Volunteer Worker (স্বেচ্ছাসেৱী কৰ্মী)ৰ নাম দি উপহাস কৰিছে৷ আপ অসমৰ হৈ অম্লানজ্যোতি হাতীবৰুৱাই  অতিশীঘ্ৰে আশা কৰ্মী সকলৰ বকেয়া মাননি মোকলাই দিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে আশা কৰ্মী সকলক শ্ৰম আইন অনুসৰি (Unskilled Labour) অতিকমেও ১০,০০০ টকাৰ মাহিলী দৰমহা সুনিশ্চিত কৰাৰ দাবী জনায়৷আজিৰ সংবাদমেলত আপ মহিলা শক্তিৰ সভাপতি অনুৰূপা বড়ো আৰু মুখপাত্ৰ জাৰবম কুটুমো উপস্থিত থাকে৷