আশাৰ সপোন – দিপ্তী মনি গোস্বামী

PC-ABC
আশাৰ সপোন
দিপ্তী মনি গোস্বামী, লখিমপুৰ
অনিন্দিতা,
আবেলিৰ বেলিটো
বুকুত সাৱটি ম‌ই টোপনিয়াই আছোঁ
তোমাৰ শৰীৰৰ গাঢ় সেউজীয়া পোছাকজোৰ চাবলৈ
বেলিটো ডুবিলে
মোৰ চকুৰ পতা জাপ যাব
অপূৰ্ণ বাসনা  হৃদয়ত থাপি লৈ
ক্ষীণ আশাৰে বাট চাব লাগিব পৰজনমলৈ।
সিপাৰৰ দেশত
যদি লগ পাওঁ আজু ককাহঁতক
কিদৰে ব্যক্ত কৰিম মোৰ বুকুৰ বেদনা
তেওঁলোকৰ ভেঁটিত তিতা লাউ গজাৰ বতৰা।
জুইৰ পোহৰত
তেওঁ লোকে ৰাখি গৈছে সংস্কৃতি
হাতেৰে নিৰ্মিত খহটা বাকলি বসন পিন্ধি
আজিৰ লোকে ৰেচমী চোলা পিন্ধি কৰিছে কি?