আশাতেই জীৱন মোৰ – ৰাহুল কোঁৱৰা 

আশাতেই জীৱন মোৰ 

ৰাহুল কোঁৱৰা 
            তিনিচুকীয়া

দেউতাৰ সপোনবোৰ পূৰ কৰিম এদিন
মা আশাত সৰগ ৰচিম এদিন ৷
কষ্টৰ ধন ভাঙি বৰ মানুহ বনাইছে মোক ,পঢ়াইছে-শুনাইছে
নিজৰ ভৰিত থিয় নিদিয়ালৈকে
হাতত ধৰি লৈ ফুৰিছে ,
বাহৰ চৰাই পোৱালি দৰে ইফালৰ পৰা সিফালে লৰি-ঢাপৰি
তিতি-বুৰি তিনিটাকৈ সময়ৰ টুপ খোৱাইছে
আইতাই কৈছে মাজে মাজে সাধু ,
আৰু আইতা ককাৰ জীৱনৰ কথাওঁ কৈছে !
দেউতা শৈশৱৰ পৰা এতিয়ালৈকে
আইতা ককাৰ চকুৰ মণি ধন হৈ আছে
আইতাই কৈছে চৰাই ডেউকা মেলি উৰি যোৱা চোৱা
কেনে দৰে নীল আকাশত নাচি বাগি যায় ৷
সেই দৰে এদিন তুমিওঁ ডেউকা মেলিবা
কষ্ট আৰু দুখবোৰ সুখৰেই ভৰাবা
সৌ যে দেখিছা আকাশত উৰা মাৰিছে
এটা শব্দ কৰি জাহাজখন
তাত বহি দেউতা আৰু মাৰাক লৈ উৰা মাৰিবা ,
পম খেদিবা ককা আৰু আইতাৰ থকা
স্বৰ্গ বিস্ময়ৰ ঘৰখন চাবলৈ  ৷
এই পৃথিৱীতকৈ বহু গুণেই সুখ আছে  তাত ৷
দেউতা আৰু মায়ে সাচঁতীয়া ধন ভাঙি
পুতেক জীয়েকক ডাঙৰ মানুহ হোৱা সপোন দেখে
কিমান যে আনন্দ মনত উদয় হৈ থাকে ৷
স্কুল যোৱাৰ পৰা দেহাটো অৱসৰ নোহোৱালৈকে
মা দেউতাৰ নয়নমণি হৈ থাকে  ,
বৰ মানুহ হ’ল পুত্ৰ জীয়ৰী ,
সিন্ধান্ত নিজেই লয় আজি কালি
কোনাবা অফিচাৰ ,
কোনোবা আকৌ নেতা ,
সকলোৱে সপোনৰ ঠিকনাত উপস্থিত হয় ৷
ৰ’দ বৰুষুণ কাটি কৰি সপোনক গঢ়িবলৈ দিয়া
মাক দেউতাকক কোনোৱে কোনোৱে পাহৰি যায় দেখোন …..
মনৰ পছন্দৰ জীৱন সংগী বিচাৰি লয় দেখান …..
আজি কালি কি কয় সেইয়া !
লিভিং টুগেদাৰ নে কি ?
তেনেকৈ থাকে বোলে ৷
আৰু কি এইটো !
ইন এ ৰিলেশ্বনচিপ নে কি ?
তেনেকুৱাকৈ থাকে বোলে ,
এইয়া হেনো আধুনিকতা আইতা ৷
নালাগে সময়ৰ সেই মা-দেউতাক ,
দুখৰ মাজেৰে আনৰ আগত সৰু হৈ
খুজি মাগি আনি দিয়া  ভাত এমুঠি কথাওঁ পাহৰি যায় ৷
মাথোঁ এখন মুকলি আকাশ লাগে ,
য’ত  নাহে বাধা !
জীৱন সংগী নিজেই বিচাৰ কৰি লওঁক
কিন্ত মা-দেউতাৰ সৈতেওঁ সংগী কৰি ৰাখক ৷
একেই আকাশৰ তলৰ মানুহ ,
একেই পৃথিৱীৰ মানুহ মনবোৰ কাৰোবাৰ
চফা হয় কৰোবাৰ লেতেৰা ,
কিছুৱে আক কি কৰে জানা !
সংসাৰ কৰা পাছত ৷
বুঢ়াঁ-বুঁঢ়ী মাক-দেউতাকক বৰ বৰ অত্যাচাৰ কৰে ,
ৰাস্তা-ঘাটত এৰি দিয়ে আৰু যে বৃদ্ধা আশ্রমত থৈ আহে ৷
ঘৰ আৰু মৃত্যুঁ ঠিকনা আশ্রমেই হয় যে তেওঁলোকৰ ৷
আজি দিনৰ পঢ়া-কৰি পোৱা জ্ঞান আৰু
মানৱতাবোৰ এনেনেকুৱা ছাগে ,
এইয়াই নৱপ্রজন্ম চিন্তা-ধাৰা
ডাঙৰ মানুহ হ’ল ৷
চাকৰী কৰি বিদেশত থাকে অকলশৰীয়া
মা-দেউতাক চাবলৈ কোনোৱে নাথাকে ঘৰখনত ৷
বহু বছৰৰ মূৰত এদিন আহে তাকো
সেইয়া যে এটি সাধু হৈ যায় তেতেয়ালৈ
মৃত্যুঁ হৈ ঘৰৰ ভিতৰতে গেলি-পচি যায় নৰচৰ দেহা
সৰু পৰা বৰ মানুহ হোৱালৈকে সাৰথি হোৱা
মাক -দেউতাকৰ কষ্টবোৰ পাহৰি যায় ৷
পিছে ককা আজি কালি ৰিল ভিদিঅ নে কি ?
সেইয়া ওলাইছে নহয় !
কিন্ত আধুনিকতাৰ নামত যে দেহৰ গঠন
দেখুৱাই ভিদিঅ বনাই যে বোৱাৰী , ছোবালীয়ে , ল’ৰা , বুঢ়াই
নাই কোনো ভয় ,
নাই কোনো অপমানৰ মাৰ্য্যদা ,
লাজ মাথো নীলাজৰ অধুনিৰ্কতা ৷
কিন্ত  আমাৰ অবিভাৱক সকল কিমান সচেতেন
কিমান জনে ভাল পদক্ষেপ দিয়ে
বিবেকে একো ভাবি নাচায় কোনোৱে !
মাথোঁ লাগে ধনৰ পাহাৰ  আৰু প্ৰৰ্পলাৰটি, মান ,
আত্মসন্মান শেষ কৰি হ’ব লাগে চেলিব্ৰিটি ৷
ক’ত মাক দেউতাকৰ নুশুনে কথা ৷
যুৱক কিছু কিছু উদণ্ড ,
যুৱতি কিছু কিছু ধুৰণ্ড ,
বোৱাৰীওঁ কিছু কিছু ষড়যন্ত ,
কিছু কিছু বুঢ়া-বুঢ়ীয়ে মনৰ আনন্দত
ভিদিঅ গীতৰ তালে তালেওঁ নাচে ৷
ক’লে কয় বোলে পাপ মা আজি কালি এইয়া ফেশ্বন
এনেকৈয়ে মাক দেউতাকৰ সপোন শেষ যায়
কেনেকৈ পূৰণ কৰিব মাৰ আশা ,
দেউতা সপোন ,
কষ্ট ধনবোৰ অথলে যায় সকলো মৰহি যায় ৷
দিনৰ দিনটো আড্ডা মাৰি ফুৰে ,
মদৰ আড্ডা নিচাতে বিলীন হৈ যায় এচামৰ পাছত এচাম,
সৰ্ম্পক গঢ়ি  ৰাতি দূপৰলৈ থাকে ৷
কিতাপৰ অংশবোৰ পাহৰি যায় ৷
ম ’বাইলত ৰিল বনাওঁতে সময় যায় ৷
হোষ্টেলট ফাঁকী অবিভাৱকক ফাঁকী ৷
এনেকৈয়ে মতলীয়া হৈ থাকোঁতেই থাকোতেই
সকলোঁ হৈ যায় আলুগুটি ৷
সপোন পূৰণ হয় কেনেকৈ ৷
অৱশেষত হয় দেউতা আাৰু মা
সপোনক পূৰাব নোৱাৰিম এদিন ৷
দেউতাৰ সপোনবোৰ সপোন হৈ ৰয় ৷
মা আশাবোৰ আশা হৈ ৰয় ৷