আম আদমি পাৰ্টীৰ সংবাদ মেল

আম আদমি পাৰ্টীৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তসেৱা– কাছাৰৰ ডলু অঞ্চলৰ লালবাগ চাহ বাগিচাত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানত আম আদমি পাৰ্টীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ গুৱাহাটীস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত ৰাজ্যিক যুটীয়া সমন্বয়ক ৰাজীৱ শইকীয়াই কয়-যিকোনো উচ্ছেদ অমানৱীয় হ’ব নালাগে,নীতি বৰ্হিভূতভাৱে উচ্ছেদ হ’ব লাগে৷চাহ বাগিচা কৰ্তৃপক্ষ আৰু চৰকাৰৰ মাজত হোৱা বুজাবুজি চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী নকৰালৈকে এই উচ্ছেদ কাৰ্য স্হগিত ৰাখিব লাগে৷অঞ্চলটোত নিৰ্মাণ হ’বলগীয়া বিমান বন্দৰৰ বাবে চৰকাৰে ভূমি অধিগ্ৰহণ কৰি আছে৷বছৰ বছৰ ধৰি চাহ বাগিচাতে কৰ্ম সংস্হাপন পাই থকা শ শ শ্ৰমিকক একে নিশাতে সংস্হাপনহীন কৰা কাৰ্য অমানৱীয়ই নহয়,ই আইন বিৰুদ্ধও৷যোৱা তিনিদিন ধৰি চৰকাৰে উচ্ছেদ অভিযান চলাই আছে যদিও শ্ৰমিকসকল চৰকাৰৰ প্ৰতিশ্ৰুতিত আস্বস্ত হ’ব পৰা নাই৷শ্ৰমিকসকলে নিজৰ কৰ্ম সংস্থাপন হেৰুৱাই কিংকৰ্তব্যবিমূঢ় হৈ দায়িত্বৰত আৰক্ষীৰ ভৰিত পৰি তেওঁলোকৰ পেটৰ ভাত মুঠি কাঢ়ি নিনিবলৈ কৰা অনুৰোধৰ দৃশ্য হদয় বিদাৰক৷আপে কেতিয়াও বিমান বন্দৰ নিৰ্মাণৰ বিৰোধিতা কৰা নাই৷কিন্তু শ্ৰমিকসকলৰ পুনৰ সংস্থাপন নকৰাকৈ চৰকাৰে উচ্ছেদ অভিযান চলোৱা কাৰ্যক তেওঁ তীব্ৰ ভাষাৰে নিন্দা কৰে৷ইফালে শিলচৰৰ সাংসদ ৰাজদীপ ৰয়ে শ্ৰমিকসকলক মাওবাদী বুলি অভিহিত কৰা কাৰ্যক আপে গৰিহণা দিয়ে৷সংবাদ মেলত কামৰূপ জিলাৰ সমন্বয়ক আব্দুল মজিদ,ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক মানস শৰ্মা উপস্থিত থাকে৷