আম আদমি পাৰ্টিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক সম্বৰ্ধনা আৰু যোগদান

আম আদমি পাৰ্টিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক সম্বৰ্ধনা আৰু যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা–   আম আদমি পাৰ্টী নগাঁও জিলা সমিতিৰ উদ্যোগত জিলা সমন্বয়ক ৰূপম শৰ্মাৰ নেতৃত্বত দলৰ অন্যান্য বিষয়ববীয়া সকলৰ উপস্থিতিত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নগাঁও জিলাৰ ৯ গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়৷আনহাতে, আপ অসমৰ যুৱ শক্তিৰ ৰাজ্যিক প্ৰভাৰী ৰুদ্ৰাংকুৰ হাজৰিকাৰ উপস্থিতিত হোজাই জিলাৰ যমুনামূখ সমষ্টিত আম আদমি পাৰ্টী হোজাই জিলাৰ সমন্বয়ক চাহিল আহমেদৰ নেতৃত্বত দুই শতাধিক ৰাইজে অৰবিন্দ কেজৰিৱালৰ সততা আৰু মূল্যবোধৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ আম আদমি পাৰ্টীত যোগদান কৰে।