আম আদমি পাৰ্টিৰ বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

আম আদমি পাৰ্টিৰ বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- অৰুণাচলত হোৱা প্ৰৱল বৰষুণৰ ফলত পাহাৰৰ ঢল আহি ৰঙাপৰা সমষ্টিৰ বালিপৰা ব্লকৰ অন্তৰ্গত বহু কেইখন গাঁও বানৰ কবলত পৰে আৰু উদমাৰী গাঁও পঞ্চায়তটো সম্পূৰ্ণভাৱে প্লাৱিত হৈ পৰে । যাৰ বাবে সেই পঞ্চায়তৰ স্হানীয় লোক সকলে নিজৰ বাসগৃহ এৰি সকলোৱে মিলি এটা অস্হায়ী শিবিৰত আশ্ৰয় ল’বলগা হৈছে । কণকণ ল’ৰা ছোৱালীৰ সৈতে এটা অসহনীয় পৰিৱেশৰ মাজত আম আদমি পাৰ্টীৰ তৰফৰ পৰা তেওঁলোকৰ বাবে কিছু খোৱা সামগ্ৰী পানী বটল আৰু কিছু লাগতীয়াল বস্তুৰ যোগান ধৰা হয়৷কিন্ত জিলা প্ৰশাসনৰ ফালৰ কোনোধৰনৰ খৱৰ বা ব্যৱস্হাপনাৰ দিহা কৰা নাই । এইক্ষেত্ৰত জিলা প্ৰশাসনৰ যথেষ্ট কৰণীয় আছিল। আপ শোণিতপুৰ জিলাৰ এই কাৰ্য্যসূচীত সংগ দিছিল আপ শোণিতপুৰ জিলা তত্বাৱধায়ক, যুৱ নেতা তথা বিশিষ্ট সমাজ কৰ্মী ঋষিৰাজ কৌণ্ডিন্যৰ লগতে সহযোগ জিলা মহিলা শক্তি , যুৱ শক্তি , কৃষক শক্তিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।