আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা দিৱসঃ এটি পৰ্যালোচনা – নাছিৰ আহমেদ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা দিৱসঃ এটি পৰ্যালোচনা
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
অহা ৪ই জুলাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা দিৱস।কাৰণ,১৭৭৭ চনৰ‌ ৪ জুলাই তাৰিখে পৃথিৱীৰ বুকুত সৰ্ব প্ৰথমে গণতন্ত্ৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰি  আমেৰিকা যুক্তৰাষ্ট্ৰই ইংলেণ্ডৰ ঔপনিৱেশিক শাসনৰ ওৰ পেলাই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল।১৫৮৫ চনৰ পৰাই ব্ৰিটিছ শাসকে আমেৰিকাৰ ১৩ খন ৰাজ্যত উপনিৱেশ স্থাপন কৰি আমেৰিকাৰ অপৰ্যাপ্ত পৰিমাণৰ উৰ্বৰা ভূমি আৰু খনিজ সম্পদৰ ওপৰত সম্পূৰ্ণ কৰ্তৃত্ব সুদৃঢ় কৰি উপনিৱেশবাসীৰ ওপৰত অৰ্থনৈতিক শোষণ আৰু নিৰ্যাতন চলাইছিল। ইংলেণ্ডৰ ধনী-গোষ্ঠীৰ দ্বাৰা পৰিচালিত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বৃটিছ চৰকাৰৰ নিৰ্দেশত আমেৰিকান বাসীৰ নানা ধৰণৰ কৰ কাটল বহুৱাইছিল, চাহৰ ব্যৱসায় কৰাৰ বাবে একচেটিয়া নিয়ন্ত্ৰন লাভ কৰিছিল।তাৰ ফলত, আমেৰিকাৰ জনসাধাৰণৰ জীৱন বিপৰ্য্যস্ত হৈ পৰিছিল, জীৱিকা নিৰ্বাহৰ সকলো পথ ৰূদ্ধ হৈ পৰিছিল।তেতিয়া ১৭৭৬ চনত ফিলাডেলফিয়াত মহাদেশীয় সংঘৰ দ্বিতীয় অধিবেশনত ব্ৰিটিছ শাসকক উপনিৱেশ ৰাষ্ট্ৰৰ প্ৰতি নমনীয় হ’বলৈ অনুৰোধ কৰা স্বত্তেও ব্ৰিটিছ শাসকে অৰ্থনৈতিক অৱৰোধৰ জৰিয়তে উপনিৱেশবোৰৰ ওপৰত অধিক দমন চলাবলৈ ধৰিলে।যাৰ ফলত আমেৰিকাৰ দেশ-প্ৰেমিক বুদ্ধিজীৱীয়ে ছপোৱা পুস্তিকা যেনে থমাছ পেইনৰ ” কমন চেন্স( Common Sense) আৰু ভাৰ্জিনিয়াৰ বিখ্যাত চিন্তাশীল, গণতন্ত্ৰৰ প্ৰবক্তা ঘোষণা পত্ৰ (Declaration of Freedom, 4th July,1776) আদিৰ জৰিয়তে আমেৰিকান বাসীৰ মাজত স্বাধীনতাৰ বাণী বিয়পাই দিয়াৰ ফলত একগোট হৈ আন্দোলনত জঁপিয়াই পৰিল। বেঞ্জামিন ফ্ৰেংকলিনৰ দৰে যুৱ নেতৃত্বৰ প্ৰতি সঁহাৰি জনাই ফ্ৰেন্স দেশো এই স্বাধীনতা আন্দোলনৰ সহযোগিতা আগবঢ়াই ঔপনিৱেশিক শাসনৰ ওৰ পেলাবলৈ ব্ৰিটিছ শাসকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে।ইটালী আৰু হলেণ্ডেও আগবাঢ়ি আহিল।শেষত ব্ৰিটিছ শাসকে এই স্বাধীনতা আন্দোলনৰ ওচৰত মূৰ দোঁৱাবলৈ বাধ্য‌ হৈ  ঔপনিৱেশিক শাসনৰ অন্ত পেলায় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ১৭৭৭ চনৰ ৪ জুলাইত দেশৰ‌ স্বাধীনতা দিৱস বিজয় উল্লাসেৰে উদ্ যাপন কৰে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা আন্দোলনৰ ফলত পৃথিৱীৰ বুকুত গণতান্ত্ৰিক চিন্তাৰ বিকাশ আৰম্ভ হয়। যাৰ ফলত ফৰাচী বিপ্লৱ, ৰুছ কমিউনিষ্ট পাৰ্টিৰ বিপ্লৱ আৰু পৰৱৰ্তী ভাৰতৰ স্বাধীনতা আন্দোলনে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হয়। ব্ৰিটিছ চৰকাৰেও দেশ শাসন কৰিবলৈ উদাৰ নীতি গ্ৰহণ কৰিবলৈ বাধ্য হয়। তৎসত্বেও ইংলেণ্ডৰ পাৰ্লিয়ামেন্টৰ সাংসদ সকলে ৰজাৰ ক্ষমতা সীমিত কৰি নিজৰ ক্ষমতা বঢ়াবলৈ উঠি পৰি লাগিল। আইৰিছ সকলেও ইংলেণ্ডৰ শাসকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। এই স্বাধীনতা আন্দোলনৰ ফলত বিভিন্ন দেশৰ জনসাধাৰণৰ মাজত থকা অৰ্থনৈতিক বৈষম্য দূৰ হয় আৰু নাৰীৰ সম অধিকাৰ সাব্যস্ত হয়।মুঠতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা আন্দোলনৰ সুদূৰ প্ৰসাৰী ফলাফলে পৃথিৱীৰ বুকুৰ পৰা ঔপনিৱেশিক শাসনৰ চিৰ বিদায় কাৰ্যকৰী কৰি পৃথিৱীৰ সকলো দেশতেই গণতান্ত্ৰিক শাসন-ব্যৱস্থাৰ সূচনা কৰে।