আমি ভাৰতক এক মহান শক্তি হিচাপে গণ্য কৰোঁ: দিল্লী ভ্ৰমণৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি
ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ২১ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয়, “আমি ভাৰতক এক মহান শক্তি, বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰ আৰু সময়-পৰীক্ষিত বন্ধু হিচাপে বিবেচনা কৰোঁ।” পুটিনে লগতে কয়, “আমাৰ ৰাষ্ট্ৰসমূহৰ মাজৰ সম্পৰ্ক বাঢ়ি আহিছে আৰু মই ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখিছো।” প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক আন্তঃৰাজ্যিক বন্ধুত্বৰ এক নিৰ্ভৰযোগ্য আৰ্হি।”