আমাৰ সমাজৰ চৌপাশে সতকাই অনাদৃত– বাৰ্ধক্য – মানসী মিশ্ৰ

pc SALMON Health and Retirement

আমাৰ সমাজৰ চৌপাশে সতকাই অনাদৃত – বাৰ্ধক্য

মানসী মিশ্ৰ

খবৰৰ জাপত পুৰণি খবৰবোৰ হেৰাই যায়। সংযোজিত হয় নতুন নতুন খবৰ। ইতিবাচক খবৰবোৰ পুৰণি হৈ গ’লেও মানুহৰ মানসিকতাত দীৰ্ঘদিনলৈ সুৰুচিপুৰ্ণভাব সৃষ্টি কৰি যায় আৰু নেতিবাচক খবৰবোৰেও বহুদিনলৈ আমাৰ হৃদয় আৰু আমাৰ মনত দুখবোধে চাপ পেলাই যায়। তথাপিও মানুহৰ মন অনবৰতে ন ন খবৰৰ সন্ধানত উৎসুক হৈ থাকে। সেয়েহে মানুহে নতুন খবৰৰ সন্ধানত হাতত তুলি লয় বাতৰি কাকতখন, বহি লয় টিভিৰ সমুখত। প্ৰায় প্ৰতিটো দিনৰ বাতৰি কাকততে সবিস্তাৰে প্ৰকাশ পায় বৃদ্ধ পিতৃ-মাতৃক নিজ পুত্ৰ কন্যাই আৰু পৰিয়ালৰ লোকে শাৰীৰিকভাৱে অপদস্ত কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ সকৰুণ কাহিনী। কেইদিনমানৰ আগতে এখন দৈনিক বাতৰি কাকত এনে এক বাতৰিত মোৰ দুচকু নিবদ্ধ হ’ল। আশীৰ ঊৰ্ধৰ এগৰাকী আইতাক নিজৰ পৰিয়ালৰ লোকে নলবাৰী জিলাৰ পদপথত নিশা অকলশৰে এৰি থৈ যোৱাৰ কৰুণ বাতৰি। আইতাগৰাকী ৰুগীয়া অৱস্থাত আছিল। এগৰাকী মানৱ দৰদী সাংবাদিকে কথাটো গম পাই তেখেতৰ তাৰ পৰা উঠাই নি পোনে পোনে চিকিৎসালয়ত ভৰ্তি কৰাইছে। চিকিৎসালয়ত সুস্থ কৰি তুলি তেখেতক নিজৰ ঘৰত আশ্ৰয় দিছে। কিছুদিনৰ আগতে পাইছিলো এক দুঃসংবাদ য’ত হাজো অঞ্চলত নিজ পুত্ৰই চোকা অস্ত্ৰৰে নিজৰ মাতৃক আঘাত কৰিছিল। সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। আজিৰ পৰা তিনি চাৰিমাহ আগতে শিৱসাগৰ নগৰত অসমৰ শিল্পীসমাজৰ অসমৰ এক উজ্জ্বল তাৰকাই জীৱনৰ বিয়লি বেলাত নিজৰ একমাত্ৰ পুত্ৰ বোৱাৰীৰ অকথ্য শাৰীৰিক, মানসিক আচৰণত অতিষ্ঠ হৈ আত্মহননৰ দৰে পথ বাচি লৈছিল নিজ পত্নীৰ সৈতে। অসমৰ সাংস্কৃতিক জগতৰ এক চিনাকী নাম, ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰযোজক, পৰিচালক, এসময়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী এই ব্যক্তিজনে নিজৰ পৰিয়ালতে পুত্ৰৰ দ্বাৰা প্ৰতাৰিত হৈ জীৱনৰ এই কঠোৰ সিদ্ধান্তটো বাচি ল’বলগীয়া হৈছিল। লাহ বিলাসত ব্যস্ত পুত্ৰই পিতৃ-মাতৃৰ খবৰ ল’বলৈ আহিবলৈ সময় উলিয়াব পৰা নাছিল। ইয়াৰ পৰিৱৰ্ত্তে দেউতাকক কেইবাবাৰো ৰাজহুৱা স্থানত শাৰিৰীক, মানসিকভাৱে অপদস্ত কৰিবলৈ অকনো কুণ্ঠাবোধ কৰা নাছিল। সেইবাবেই অসমৰ সামাজিক, সাংস্কৃতিক জীৱনৰ অক্লান্ত কৰ্মী এই ব্যক্তিজনে এই সুন্দৰ পৃথিৱীখনৰ পৰা বিদায় লৈছিল। আমাৰ সমাজত এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা প্ৰায় প্ৰতিটো দিনতেই ঘটি আছে। শিৱসাগৰ নগৰতে আন এক অধ্যাপক পুত্ৰ বোৱাৰীৰ নিজৰ পিতৃ মাতৃৰ প্ৰতি চৰম অৱহেলা আৰু নিৰ্যাতনৰ কাহিনী সংবাদ মাধ্যমযোগে প্ৰকাশ পাইছিল। তেওঁৰ পিতৃয়ে নিজৰ আৰ্থিক দৰিদ্ৰতাক নেওচি নিজৰ একমাত্ৰ পুত্ৰক পঢ়াই শুনাই কলেজৰ অধ্যাপকৰূপে প্ৰতিষ্ঠিত কৰিলে। সেইজন পিতৃয়ে বৃদ্ধকালত তেওঁৰ পুত্ৰ বোৱাৰীৰ দ্বাৰা চৰম অৱহেলিত হৈ জীৱনৰ শেষ ক্ষণ গণনা কৰিবলগীয়া হৈছে। আমাৰ সমাজৰ আটাইতকৈ উপেক্ষিত হৈছে জীৱনৰ বাৰ্ধক্য কাল। কেইমাহমান আগতে উজনি অসমত সংঘটিত এনে এক কৰুন বাতৰিয়ে সকলোকে শিহৰিত কৰিছিল। এজন ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষক তথা এখন উঃ মাঃ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষই নিজৰেই পুত্ৰ বোৱাৰীৰ মানসিক নিৰ্যাতনত অতিষ্ঠ হৈ ৰে’লৰ আলিলৈ আহি ট্ৰেইনৰ সমুখত জপিয়াই আত্মহননৰ পথ বাচি লৈছিল। এজন কৃতী শিক্ষকৰ জীৱনসত্বা নিমিষতে শেষ হৈ গৈছিল। এনে ধৰণৰ ঘটনা ৰাজ্যখনৰ চোকে-কোণে খুব সঘনাই ঘটিবলৈ লৈছে। বৰ্তমান সময়ত সংবাদ মাধ্যম যথেষ্ট সক্ৰিয় হোৱা হেতুকে বহু ঘটনা পোহৰলৈ আহে। বিশেষকৈ আজি প্ৰায় দহ বছৰমান বৃদ্ধাৱস্থাত পিতৃ মাতৃ সন্তানৰ দ্বাৰা নিৰ্য্যাতিত হোৱাই নহয়, নিজৰ বাসগৃহ এৰি আহিবলগীয়া ঘটনাই সংঘটিত হৈছে আমাৰ ৰাজ্যৰ চৌপাশে। যোৱাটো বৰ্ষৰ শেষভাগতো টি.ভি. পৰ্দাত কেইবাটাও ঘটনা প্ৰত্যক্ষ কৰিছোঁ। এগৰাকী আশীৰ ঊৰ্ধৰ মহিলাই গুৱাহাটীৰ বৃদ্ধাশ্ৰম এটাত আশ্ৰয় লৈ আছিল। নলবাৰী জিলাৰ এটা ৰাজহুৱা আলিবাটত পৰিত্যপ্ত অৱস্থাত উদ্ধাৰ কৰি আনি গুৱাহাটীৰ বৃদ্ধাশ্ৰম এটাত আশ্ৰয় দিছিল। বৃদ্ধাশ্ৰমৰ কৰ্মকৰ্তা, সেৱক-সেৱিকা সকলৰ আদৰ যত্নত আইতাই কিছুদিন জীয়াই আছিল। এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে আঁতৰি যোৱাৰ আগমূহুৰ্ত্তত আশ্ৰম গৃহৰ কৰ্মকৰ্তা সকলৰ সহযোগত প্ৰচাৰ মাধ্যমযোগে আহ্বান জনাইছিল তেওঁৰ পৰিয়ালটোলৈ, যাতে তেওঁৰ মৰমৰ উমেৰে কোলাই বোকোচাই তুলি ডাঙৰ কৰা নাতি-নাতিনীসকলক এবাৰ চাবলৈ। বৈদ্যুতিক মাধ্যমযোগে এই আহ্বানমূলক বাতৰি এইবাদিনো ধৰি প্ৰচাৰ হৈছিল। কিন্তু ইমান কাতৰ অনুৰোধৰ পিছতো পৰিয়ালৰ কোনো এজন লোকে সেই নাতি-নাতিনীক এঘণ্টাৰ বাবেও তেখেতৰ কাষলৈ অনাৰ সময় নাপালে। মানুহ যে কিমান নিষ্ঠুৰ হ’ব পাৰে, নিজৰ জন্ম দিয়া সন্তানে যে সময়ত কিমান বৰ্বৰ হ’ব পাৰে, এই ঘটনাটো মনত পেলালে সকলো স্পষ্ট হৈ উঠে। সেয়ে এবুজা দুখ বুকুত বান্ধিয়েই অৱশেষত এই আইতাগৰাকী পৃথিৱীৰ পৰা চিৰদিনৰ বাবে আঁতৰি যায়। তেখেতৰ শেষকৃত্য শ্ৰাদ্ধাদি আদি কৰ্ম সমাপন কৰাৰ দায়িত্ব এই আশ্ৰয় গৃহই লৈছিল। এইধৰণৰ সমস্যা আমাৰ সমাজত অতি ভয়াবহ হাৰত বৃদ্ধি পাইছে। এইটো আমাৰ সকলোৰে সমুখত বৰ্তমান এক ডাঙৰ প্ৰত্যাহ্বান। পিতৃ মাতৃৰ নিজৰ অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত ল’ৰা-ছোৱালীক ডাঙৰ কৰিলে, সেই সন্তানে বাৰ্ধক্য অহাৰ লগে লগে পিতৃ মাতৃক আপদীয়া, অকৰ্মণ্য ব্যক্তি বুলি ভাবিবলৈ লয়। দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত মাত্ৰ এঘণ্টাও নিজৰ পিতৃ মাতৃৰ সৈতে কটাবলৈ সময় নহয়। আমি নিজকে একোটা যন্ত্ৰলৈ পৰিৱৰ্তন কৰিলোঁ নেকি যে যন্ত্ৰই আমাৰ যিফালে ঘূৰাই আমি সেইফালে ঘূৰিবলৈ ল’লোঁ। আধুনিকতা আৰু প্ৰযুক্তিৰ চমক প্ৰদত্যই আমাৰ মনবোৰ ইমান কৰ্কশ আৰু সংকুচিত কৰিলে নেকি যে সন্তানে পিতৃ মাতৃক ফুটপাথৰ আলহী কৰিবলৈকো অকণো কুণ্ঠাবোধ নকৰা হ’ল। এই বাঢ়ি অহা, ভয়াবহ সমস্যাটো সমাসা কৰিবলৈ আগবাঢ়ি আহিব লাগিব। কেৱল সংবাদ মাধ্যম অথবা বৃদ্ধাশ্ৰমৰ লোককেইজনৰ ওপৰতে দ্বায়িত্ব অৰ্পণ কৰিলেও নহ’ব।

            বৃদ্ধকাল আহিলেই, বাৰ্ধক্য আহিলেই আমি পিতৃ মাতৃক, পৰিয়ালৰ জেষ্ঠজনক কিয় অৱহেলা কৰিবলৈ লওঁ। নিশ্চয় তেওঁলোকে আমি বিচৰা ধৰণে কৰ্মঠ হৈ নাথাকে বাবে, নিশ্চয় পইচা উৎপাদৰ ক্ষমতা আগৰ দৰে নাথাকে বাবে, লগতে বাৰ্ধক্য আহিলে তেওঁলোকে আমাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় কিছু কিছু কামৰ বাবে। সেইবাবেই তেওঁলোকে অনাদৃত, অৱহেলিত হয় আপোনজনৰ দ্বাৰাও। কিন্তু বৰ্তমানৰ সময়খিনি আমি কিয় এবাৰ ভাবি নাচাও যে আমাৰো প্ৰত্যেকৰে জীৱনত বাৰ্ধক্য কাল এদিন আহিব। আমি পৰিয়ালৰ সকলোকে এইখিনি কথা নিশিকাওঁ যে পিতৃ মাতৃ অভিভাৱকক বৃদ্ধকালত অৱহেলা কৰিলে আমাৰ উত্তৰ প্ৰজন্মই যে সেইখিনি কথাকে দেখিব, শুনিব। আমাৰ ৰাজ্য চৰকাৰ খনৰো বৃদ্ধলোকসকলৰ সমস্যাৰাজিৰ বিষয়ে গুৰুত্ব সহকাৰে আলোচনা কৰি এই ক্ষেত্ৰত কৰিব লগীয়া বহুত আছে। বয়সীয়াল লোকসকলে যাতে নিজৰ মন পচন্দ, বয়সৰ ৰুচী মতে সময় কটাব পাৰে তাৰ বাবে সুকীয়াকৈ প্ৰত্যেক চহৰত অৱসৰ বিনোদন কেন্দ্ৰ গঢ়ি তুলিব লাগে। ৰাজ্যত ইতিমধ্য যি কেইটা বৃদ্ধ নিবাস আছে, সেইকেইটাৰ আন্তঃগাঁঠনি উন্নত কৰাৰ ব্যৱস্থা কৰিব লাগে। আমাৰ পাঠ্যক্ৰমত আগতে নীতিশিক্ষা বোলা বিষয় এটা আছিল, কিন্তু এই প্ৰয়োজনীয় বিষয়টো পাঠ্যক্ৰমৰ পৰা উঠাই দিয়া হ’ল। শৈশৱ আৰু কৈশোৰ কালত নীতি শিক্ষাৰ জ্ঞান ল’ৰা-ছোৱালীৰ বাবে খুবেই প্ৰয়োজনীয়। ব্যক্তিত্বৰ সুবিকাশত এই বিষয়টোৰ যথেষ্ট গুৰুত্ব আছে। সেয়েহে চৰকাৰৰ শিক্ষা বিভাগে স্কুলীয়া পাঠ্যক্ৰমত নীতি শিক্ষাৰ দৰে বিষয় এটা অন্তৰ্ভুক্ত কৰিব পৰিব নেকি সেয়া চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন হৈছে। আমি সকলোৱে মনত ৰাখিব লাগে যে প্ৰত্যেক ব্যক্তিৰ জীৱনত শৈশৱ, কৈশোৰ যিদৰে গুৰুত্বপূৰ্ণ, যৌৱন যিদৰে মোহনীয়, তেনেদৰে বাৰ্ধক্য কালৰো আছে এক সুকীয়া মহত্ব আৰু গুৰুত্ব।