“আবৰ্জনাবোৰ গুচাওঁ আহা”- পদ্ম শঙ্কৰ চৌধুৰী

pc- pexels

“আবৰ্জনাবোৰ গুচাওঁ আহা”

হেৰা অসমীৰ মাক!
বোলো শুনিছা নে?
কি হ’ল অ’ অসমীৰ বাপেক?
শুনাচোন! ঝাড়ু কেইডাল ঠিকে আছে নহয়!
আৰু বাঢ়নি কেইপাত?
হে পাহৰিছিলোঁ আলান্ধু গুচোৱা ঝাড়ু কেইডাল?
জাৱৰ টানা খাপনি কেইটাক ক’ত থৈছা?
সকলোবোৰ ঠিকে আছে নহয়?
কি কৰে নো সেইবোৰেদি অকলে অকলে?
অকলে অকলে নহয় দিয়া।
তুমি গম পোৱা নাই?
সকলো ফালে চোন জাৱৰ-জঠৰ-আলান্ধুৱে
আৱৰি পেলাইছে।
সেইবোৰ চাফা কৰিবলৈ সেইবোৰ লাগিব নহয়।
মই ইহঁতবোৰক মাতিছোঁ।
কাক কাক নো,?
তুমি ও আৰু দিয়া আজলীজনী হৈ আছা।
কিয়,শঙ্কৰ,মাধৱ আৰু সিহঁতৰ লগৰীয়াবোৰ,
সেইযে, গোবিন্দ,শ্ৰীৰাম,চান্দ, নৰোত্তম ইহঁতবোৰ
আৰু কিবা বোলে চিলা, লাচিত ইহঁতকো মাতিছোঁ,
বিষ্ণু,জ্যোতি,ভূপেনহঁতো মাতিছোঁ।
সেইযে লক্ষ্মী,চন্দ্ৰ,বাণী,মহেশ,হোমেন ভবেন,নগেন সকলোবোৰকে মাতিছোঁ।
তুমি ও চন্দৰী,ৰাধিকাহঁতক মাতিবলৈ যোৱা।
ঘুৰি আহোঁতে কনকলতা,ভোগেবাই,
মামনিবাইৰ সকলো লগৰীবোৰ,
সকলোবোৰকে মাতি আহিবা।
কাইলৈ ৰাতি পুৱাৰে পৰা আৰম্ভ কৰিব লাগিব।
তুমি ছোৱালীহঁতৰ নেতৃত্বত থাকিবা।
মই ল’ৰাবোৰক চম্ভালিম।
ল’ৰাবোৰক ভাগে ভাগে কাম ভগাই দিব লাগিব।
তুমিও তেনেদৰে ভগাই দিবা।
আবৰ্জনা,আলান্ধু আদি ক’ত আৱৰা নাই।
ধৰ্ম,সাহিত্য-কলা সংস্কৃতি সকলোতে চানি ‌ধৰিছে।
ধৰ্ম দলৰ আবৰ্জনাৰ দ’মবোৰ পাহাৰ সদৃশ হৈছে।
ই দলে সি দললৈ যাতায়ত বিচ্ছিন্ন আহিছে।
সাহিত্য কলা-সংস্কৃতিতো আলান্ধুৱে চানি ‌ধৰিছে।
সমাজবোৰতো জাৱৰেৰে পোত খাইছে।
ধৰ্মত শঙ্কৰহঁতক দিব লাগিব।
সাহিত্য-কলাত লক্ষ্মীহঁতক,
সঙ্গীতত জ্যোতি, বিষ্ণু ভূপেনহঁত ভাল হ’ব।
সমাজৰ বাবে লাচিত,হোমেনহঁত ভাল হ’ব।
তুমিও ছোৱালীবোৰক ভাগে ভাগে লগাই দিবা।
তুমি মনত‌ ৰাখিবা কাইলৈৰ পৰা আৰম্ভণি।

(বি.দ্ৰ.অসম প্ৰেমৰ প্ৰতীকী কবিতা।অত্যুক্তিৰ বাবে ক্ষমা প্ৰাৰ্থী।আপনাকো‌ ইয়াত অন্তৰ্ভুক্ত কৰিব খুজিছোঁ।

মাত্ৰ দ’লৰ ভাগটো‌ জনাব।)

পদ্ম শঙ্কৰ চৌধুৰী