আফগানিস্তানত ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা ১,১৫০ লৈ বৃদ্ধি

Pc The Indian Express

আফগানিস্তানত ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা ১,১৫০ লৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যিক সংবাদ মাধ্যমত প্ৰকাশিত শেহতীয়া পৰিসংখ্যা অনুসৰি বুধবাৰে আফগানিস্তানত সংঘটিত ৬.১ প্ৰাবল্যৰ ভূমিকম্পত নিহতৰ সংখ্যা ১,১৫০ জনলৈ বৃদ্ধি পাইছে আৰু ১,৬০০ ৰো অধিক লোক আহত হৈছে। ৰাজ্যিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভূমিকম্পৰ ফলত প্ৰায় ৩,০০০ ঘৰ ধ্বংস বা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ভাৰতে আফগানিস্তানলৈ ২৭ টন জৰুৰী কালীন সাহায্য প্ৰেৰণ কৰিছে।