আপোন – দিলীপ মজুমদাৰ

pc-pngtree

আপোন

দিলীপ মজুমদাৰ, ভেটাপাৰা

আই তাই মোৰ বৰ আপোন
চৌ পাহ বেৰি আছ যে মোৰ
প্ৰেমত ঘূৰে ভূমণ্ডল নিতে ফুলে শতদল।
ভাবিছিলো গ্ৰহ নক্ষত্ৰৰ দৰে
আজীৱন আবৰিবি সুখে দুখে
কক্ষ চুত্য কৰি আই তইও আতৰিলি।
দিনতেই এন্ধাৰ দেখো সেই দিন ধৰি।
পিছে জীৱনত চপালো যি জনী
কণাৰ লাখুতিৰ দৰে তেই মোৰ সংগী।
লাহে লাহে তোৰ স্থান তেওঁ পুৰাইছে
হৰিশ মনৰে আছো আমি সুখে দুখে।