আপে ঘোষণা কৰিলে গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম

Pc The Hindu

আপে ঘোষণা কৰিলে গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম

ৰঙিলী বাৰ্ত্তাসেৱা- আম আদমী পাৰ্টীয়ে ঘোষণা কৰিলে গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম।আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অহা মাহত গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাক্তন টিভি এংকৰ আৰু সাংবাদিক ইচুদান গাধৱীক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে।যোৱা সপ্তাহত কেজৰিৱালে লোকসকলক এছএমএছ, হোৱাটছএপ, ভইচ মেইল আৰু ই-মেইলযোগে দলটোৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছিল যাতে ৰাজ্যখনত দলটোৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী কোন হ’ব লাগে সেই বিষয়ে তেওঁলোকৰ মতামত প্ৰদান কৰিব পাৰে, যিটো বৰ্তমান ভাৰতীয় জনতা পাৰ্টীয়ে শাসন কৰি আছে।১৬ লাখতকৈও অধিক লোকে ভোট দান কৰিছিল আৰু ৭৩ শতাংশই গাধৱীক পছন্দ কৰিছিল।