“আন্তর্জাতিক প্রতিবন্ধী দিৱস”-দেৱেশ্বৰ বৰা

pc Risingbd

“আন্তর্জাতিক প্রতিবন্ধী দিৱস”

-দেৱেশ্বৰ বৰা, এ, টি, এচ,
আয়ুক্ত, প্রতিবন্ধীসকলৰ বাবে, অসম

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ পৰামর্শ মর্মে ১৯৯২ চনৰ পৰা প্রত্যেক বছৰে ডিচেম্বৰ দিনটো আন্তজাতিক প্রতিবন্ধী দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত প্ৰহন কৰা হয়এই দিবসৰ জৰিয়তে প্রতিবন্ধী সকলৰ সামাজিক, ৰাজনৈতিক, আর্থিক অধিকাৰ সমূহ সুনিচ্চিত কৰাৰ বাবে সজাগতা বৃদ্ধিৰ লক্ষ লোৱা হয়বিশ্ব স্বাস্থ্য সন্থাৰ পৰিসংখ্যানুযায়ী বিশ্বৰ বিলিয়নতকৈও অধিক প্রায় ১৫ শতাংশ জনসংখ্যা প্রতিবন্ধীএই সংখ্যা বর্ধিত বয়ােজেষ্ঠ লােক আৰু অসংগঠিত ৰােগৰ সংখ্যা বৃদ্ধিলৈ চায় এই সংখ্যা অধিক বৃদ্ধি পােৱাৰ সম্বর্ধনা নুই কৰিব নােৱাৰি। 

এই দিৱসৰ দ্বাৰা প্রতিবন্ধীসকলেও বাধাহীনভাবে সমাজত বসবাসৰ বাবে কিদৰে অধিক ব্যৱস্থা লব পাৰে তাৰে এটা পর্যালােচনা কৰা হয়তদুপৰি তেওঁলোকক সামৰি আমি সকলোৱে কিদৰে এখন সুন্দৰ সমাজব্যৱস্থা গঢ় দিব পাৰে তাৰেই চেষ্টা কৰা হয়তেখেতসকলৰ অবিহনে এখন সুস্থ সবল সমাজ গঢ়া সম্ভব নহয়সেয়েহে প্রতিবন্দী সকলৰ সজাগতা আৰু আমাৰ জ্ঞানৰ পৰিধি সম্প্ৰসাৰনৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়উদাহৰণ স্বৰূপে প্রতিবন্ধকতা বহু বিধৰ হয় সেই বিষয়ে আমাৰ সমাজৰ বহুলােক আজিও জ্ঞাত নহয়যেনে মানসিক ৰােগ, বৌদ্ধিক বাধাগ্রস্থতা, প্ৰৱণ শক্তি আদিকে সামৰি ২১ বিধ প্রতিবন্ধকতা আমাৰ সমাজত আছে। 

আমি এনে এখন সমাজত বাস কৰাে যত সাধাৰণ ব্যক্তিৰ লগতে প্রতিবন্ধী সকলেও সমানে সুযােগ সুবিধা লাভ কৰিব পাৰেউদাহৰণস্বৰূপে অন্তর্ভুক্তিকৃত শিক্ষা যত সাধাৰণ ছাত্র ছাত্রীৰ দৰে সমানে শিক্ষা গ্ৰহণ কৰি বিভিন্ন খেল ধেমালিৰ মাজেৰে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে তাৰ বাবে বিদ্যালয় সমুহে প্রয়ােজন অনুসৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰেএনেধৰণৰ অন্তর্ভূক্তিকৃত শিক্ষাই প্রত্তেক শিশুকে সমান শিক্ষাৰ অধিকাৰ প্ৰদান কৰে। 

কেন্দ্ৰীয় চৰকাৰে বাধাগ্রস্থ লােকসকলৰ সুবিধার্থে শাৰিৰিক পৰিবেশ, যতিয়ত, তথ্য অৰুযােগাযােগ প্রয়ােজনীয় প্রযুক্তিৰে সাঙুৰি নগৰ আৰু গাওঁ অঞ্চলৰ লােকক প্ৰদান কৰা অন্যান্য সাসুবিধা সকলােতে উন্নত মানদণ্ডৰ সুগম্যতা প্ৰদান কৰিবলৈ নীতি সমূহ নির্ধাৰণ কৰিছে। 

এই দিনটোতে প্রতিবন্ধীসকলক জীৱনধাৰা আৰু সংকল্পক অভিবাদন জনােৱা হয়ৰাষ্ট্ৰসংঘই ১৯৮৩১৯৯২ দশকটো প্রতিবন্ধী দশক হিচাপে পালন কৰিবলৈ ঘােষনা কৰেসেই সময়চোৱাত প্রতিবন্ধীসকলৰ জীৱনধৰণৰ মানদণ্ড গােটেই বিশ্বতে উন্নত কৰিবলৈ এক দীঘলীয়া প্ৰচেষ্টা হাতত লােৱা হৈছিল । 

১৯৯২ চনৰ পৰা প্রত্যেক বছৰে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে বিভিন্ন দেশত এই দিৱস পালন কৰি অহা হৈছেঅসমতাে এই দিৱস বিভিন্ন কাৰ্যসূচীৰে উৎযাপন কৰা হয়এই উদ্দেশ্যেই আলােচনা সভা, সজাগতা সভা ইতাদি বিভিন্ন ধৰণৰ সংগীতানুষ্ঠান, খেল ধেমালী কাৰ্যসূচীৰ জৰিয়তে দিব্যাংগ সকলৰ সুবিধা প্রদান কৰা হয়চৰকাৰৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী, দিব্যাংগসকলৰ অধিকাৰ, আইন আৰু আচনিসমুহৰ এক পর্যালােচনা কৰা হয়। 

ৰাষ্ট্ৰসংঘই প্রতেক বছৰে এই দিৱসৰ এটা বিষয় বস্তু ঘােষনা কৰে২০২১ বৰ্ষৰ বিষয়বস্তু এখন অন্তর্ভুক্তিকৃত, সুগম্য আৰু পােষ্ট কভিড ১৯ মােকাবিলা কৰি বিশ্বত প্রতিবন্ধীসকলৰ নেতৃত্ব আৰু অংশগ্রহণ” 

প্রত্যেক বছৰে নতুন উদ্যমেৰে প্রতিবন্ধী সকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নতিকৰনৰ গুৰুত্ব দি অহা হৈছেআমি প্রায় সকলােৱে জীৱনৰ কিছু কিছু ক্ষেত্ৰত সামুহিক বা স্থায়ীভাবে প্রতিবন্ধী এই ক্ষেত্ৰত প্রতিবন্ধীসকলক সমাজৰ অংশ হিচাপে বিবেচনা কৰিবলৈ গ্রহণযােগ্য পৰিবেশ সৃষ্টি কৰাৰ অতিকৈ প্রয়ােজন

যি কি নহওক আজিৰ পৃথিৱীত প্রতিবন্ধকতা অক্ষমতা হিচাপে বিবেচনা কৰা নহয়উদাহৰণস্বৰূপে বিশ্ববৰণ্য বৈজ্ঞানিক ষ্টেফেন হকিন্স এজন প্রতিবন্ধী আছিল। সেয়েহে এই দিনটোত প্ৰতি বছৰে এনে এটা সংবেদনা বিশ্বৰ প্ৰতেক ব্যক্তিৰ মাজত জাগৰণ তুলিবলৈ এই দিৱস পালন কৰা হয়।