আনলৈ বুলি হুল পুতি – চন্দ্ৰ শেখৰ পৰাজুলী

PC - naturerelaxation

আনলৈ বুলি হুল পুতি

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আচলতে মই স্পষ্টভাবে জানো যে আপোনালোকৰ বেছিভাগে লিখনিটোৰ শীৰ্ষক দেখিয়েই ধৰিব পাৰিছে যে মোৰ লিখনিৰ বিষয় বস্তু কেনেকুৱা ধৰণৰ হ’ব পাৰে, নহয়নে ?। তথাপিওঁ সম্পূৰ্ণ বাক্যষাৰ আকৌ এবাৰ ভালকৈ সুৱৰাই দিওঁ,’আনলৈ বুলি হুল পুতি, নিজে মৰে ফুটি ‘। সচৰাচৰ আমি প্ৰত্যকজন ব্যক্তিয়ে জানো যে আনলৈ বুলি হুত পুতি দিয়া বা আনক ঠগিবলৈ যোৱা একেবাৰে বেয়া অভ্যাস। কাৰণ ইয়াৰ বেয়া প্ৰভাৱ আমাৰ ব্যক্তিগত জীৱনত প্ৰত্যক্ষভাৱে আমাৰ চকুত ধৰা নপৰিলেওঁ পৰোক্ষভাৱে গৈ হ’লেও ১০০ শতাংশয়ে পৰে নহয়নে?। এতিয়া কথা হ’ল আমি সকলোৱে যদি এই কথা বাস্তৱত উপলব্ধি কৰিবলৈ সক্ষম তেন্তে বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ অতি ভয়াবহ ৰূপ কিয় ধাৰণ কৰিছে ?। আচলতে আমি সকলোৱে কেৱল আজিৰ চিন্তাতে ব্যস্ত হৈ আছোঁ নেকি?। আমি ভবিষ্যতৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি বৰ্তমান সময়ত জীয়াই থকা নাই জানো ?। আচলতে আমি পাৰিলে নিজৰ ভৰিৰ তলৰ হুলবোৰ গুচাই  যোৱাৰ লগে লগে আনৰো ভৰিৰ তলত হুলবোৰো পাৰিলে গুচাই দিয়াৰ চেষ্টা কৰিব লাগে। কিন্তু বৰ্তমান সময়ত এনেধৰণৰ ভদ্ৰ মানুহ বা ভদ্ৰ সমাজৰ কল্পনাওঁ কৰিব নোৱাৰি। কেতিয়াবা আকৌ কি হয় জানে,নিজে আনৰ একো অনিষ্ট সাধন নকৰিলেও অন্যান্য লোকসকলে আমাৰ বাবে প্ৰতি খোজে হুল পুতি থোৱা থাকে নহয়নে?। এনেধৰণৰ পৰিস্থিতিত নিজে সতৰ্কতা অবলম্বন কৰি চলি থকাৰ বাহিৰে অন্য একো উপাই নাই। কিন্তু সৎ মাৰ্গত গতি কৰি থকা মানুহ এজনৰ যিসকল মানুহে অন্যায়, অমংগল কল্পনাওঁ কৰি বহি থাকে তেনেকুৱা কু-দৃষ্টিৰ থকা মানুহৰ জীৱনলৈ অবশ্যই এদিন নহ’লেও এদিন বৰ বেয়া প্ৰভাৱ পৰাটো একেবাৰে নিশ্চিত।চাওঁক বেয়া কামৰ বিনিময়ত আমি ভাল ফলাফল পোৱাৰ আশা কৰাটো একেবাৰে মূৰ্খামিৰ কাম নহয়নে ?। অৰ্থাৎ আপুনি যদি অন্যান্য লোকসকলৰ প্ৰতি সদায় বেয়া দৃষ্টিভংগীয়ে পোষণ কৰে তেন্তে আপোনাক যে অন্যান্য লোকসকলে সদায় সদ ব্যৱহাৰে কৰিব তাৰ কিবা নিশ্চয়তা আছে জানো?। অৰ্থাৎ আমাৰ কৰ্মৰ অনুযায়ী প্ৰত্যক্ষ বা প্ৰত্যক্ষভাৱে ফলাফল নিশ্চয় হৈ থাকে। এজন মানুহক শাৰীৰিক আৰু মানসিকভাবে আঘাত কৰাৰ আগত আমি ইয়াৰ অন্তিম পৰিণতিৰ কথাবোৰ হাজাৰবাৰ চিন্ত কৰিব লাগিব। কাৰণ আমাক ন্যায় প্ৰদান বাবে প্ৰথমে আমি বসবাস কৰা সমাজ আছে। দ্বিতীয়তে নিজ নিজ ঠাইৰ প্ৰশাসনিক দিনবোৰ লগতে ন্যায়ালয় আছে। আৰু একেবাৰে অন্তিমত আমাৰ সকলোৰে সৃষ্টি কৰ্তা ভগৱান আছে নহয়নে?। যিবোৰ দিশ আমি প্ৰত্যক্ষভাৱে দেখা পাওঁ সেইবোৰৰ বাবে সমাজ ব্যৱস্থা বা প্ৰশাসন, ন্যায়ালয় আছে। আৰু যিবোৰ বিষয় অদৃশ্য ৰূপত থাকে তাৰ বাবে ঈশ্বৰৰ ওপৰত এৰি দিব লাগে। তথাপিও কিন্তু নিজে নিজৰ বিচাৰ কৰিবলৈ অসৎ মাৰ্গৰ অবলম্বন কৰিব নালাগে। প্ৰকৃততে যি গৰাকী মানুহৰ অনিষ্ট সাধনাৰ বাবে হুল পুতি দিয়া হয় সচৰাচৰ সেইজন মানুহৰে দিন প্ৰতিদিনে ভালে হৈ গৈ থাকে। কিন্তু যি গৰাকী ব্যক্তিয়ে সদায় বেয়া কামত, বেয়া দিশত লিপ্ত হৈ থাকে সেই মানুহজনৰ আত্মঅসন্তুষ্টিত ভোগাৰ ফলত লাহে লাহে তেওঁৰ জীৱন ধংস হ’বলৈ ধৰে। কাৰণ প্ৰকৃত সত্যৰ এক সুকীয়া বৈশিষ্ট্য আছে। যাক আমি অহৰহ প্ৰচেষ্টাৰ অন্ততো আন্ধাকাৰৰ আবৰনৰ মাজেৰে ঢাকি ৰাখিবলৈ সক্ষম নহয়। সেয়েহে আনৰ ভৰিৰ তলৰ হুলবোৰ গুচাই দিয়াত যদিও অসামৰ্থ তেন্তে ভুলতো কেতিয়াও আনলৈ বুলি হুল পুতি থোৱাৰ দৰে কু-কাৰ্যত লিপ্ত হ’ব নালাগে।