আধুনিক অসমীয়া সাহিত্যৰ স্ৰষ্টা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাত এভুমুকি – নাছিৰ আহমেদ

আধুনিক অসমীয়া সাহিত্যৰ স্ৰষ্টা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাত এভুমুকি
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
আধুনিক অসমীয়া সাহিত্যৰ স্ৰষ্টা, হাঁহিৰ ৰহঘৰা, একেধাৰে কবি, সাহিত্যিক, গল্পলেখক, নাট্যকাৰ , ঔপন্যাসিক,বৈষ্ণৱ ধৰ্মৰ একশৰণ নামধৰ্মৰ ভক্তিৱাদ তথা অসমীয়া সমাজৰ ভাষা সাহিত্য কলা কৃষ্টি সংস্কৃতি আদি সকলো দিশক সামৰি সৃষ্টি কৰা সৰ্বশ্ৰেষ্ঠ চিন্তাশীল প্ৰবন্ধ লেখক, ছদ্মনামেৰে কৃপাবৰ বৰুৱা নামেৰে লিখা বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি, কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি আদি হাস্য-ব্যাঙ্গাত্মক ৰচক,  গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ দশম অধিৱেশনৰ সভাপতি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ১৮৬৪ চনৰ ১৪ অক্টোবৰত জন্ম গ্ৰহণ কৰিছিল।তেওঁ অসমীয়া সাহিত্যৰ এক বিশাল ভাণ্ডাৰ সৃষ্টি কৰি গৈছে। তাৰ ভিতৰত তেওঁ ” কদম কলি” নামৰ একমাত্ৰ কবিতা পুথিখন ১৯১৩ চনত ৰচনা কৰিয়েই মন্তব্য কৰিছিল” কবিতা হয় যদি হওক,নহয় যদি নাই”।  পৰৱৰ্তী তেওঁৰ কবিতাসমূহ সংগ্ৰহ কৰি অসম সাহিত্য সভাই ১৯৬৮ চনত ” পদুম কলি ” নাম দি প্ৰকাশ কৰিছিল।   তেওঁ ৰচনা কৰা প্ৰথমখন  কবিতা পুথিত ৰোমান্টিক সাহিত্যৰ সকলো বৈশিষ্ট্যই অতি সুন্দৰকৈ প্ৰস্ফুটিত হৈছে। অসমীয়া কাব্য সাহিত্যৰ দিগ্ গজ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাসমূহত আমি এভুমুকি মৰাৰ প্ৰয়াস কৰিম।ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই উচ্চ শিক্ষা লাভৰ বাবে কলিকতালৈ গৈছিল। সেই সময়ত বঙালী সাহিত্যৰ ওপৰত ইংৰাজী ভাষাৰ ৰোমান্টিক কবি শ্বেলী,কীটচ,ৱৰ্ডচৱৰ্থ,বাইৰন আদিৰ ৰোমান্টিক বা নৱন্যাস ভাৱধাৰাৰে মনৰ মাধুৰিমাৰে ৰস-সিক্ত কল্পনাপ্ৰসূত কবিতাৰ প্ৰভাৱ পৰিছিল। বঙালী কবিসমূহৰ ভিতৰত বিশেষকৈ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাসমূহত এপিনে ৰোমান্টিক ভাৱধাৰাৰ প্ৰৱেশ ঘটিছিল, আনপিনে ৰাজা ৰামমোহন, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰৰ সমাজ, সংস্কৃতি সংস্কাৰৰ ধাৰণা সংযোজিত হৈছিল। এক গভীৰ চিন্তা নায়ক , আৱিষ্কাৰ-ধৰ্মী সাহিত্যৰ স্ৰষ্টা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ সহযোগিতাত ১৮৮৯ চনত কলিকতাত ” জোনাকী” নামৰ এখন আলোচনী প্ৰকাশ কৰে। আৰু এই আলোচনীখনৰ পাততে অসমীয়া ৰোমাণ্টিক কবিতাৰ প্ৰতিভূ হিচাপে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই বঙালী সাহিত্যৰ ৰোমান্টিক ভাৱধাৰা আৰু সংস্কাৰ -ধৰ্মী আদৰ্শৰ ভিত্তিত ৰচিত কবিতাবোৰৰ অনুকৰণত নিয়মীয়াকৈ কবিতা সৃষ্টি কৰিবলৈ ধৰিলে। আৰু একমাত্ৰ কবিতা পুথিখন প্ৰকাশ কৰি উলিয়ায়। ” কদম কলি” ত সন্নিৱিষ্ট কবিতাসমূহক দুই ভাগত বিভক্ত কৰিব পাৰি।কিছুমান কবিতা তেওঁ নিজৰ নামত প্ৰকাশ কৰিছে। আৰু কিছুমান কবিতা কৃপাবৰ বৰুৱা  ছদ্মনামেৰে ৰচনা কৰিছে।  তেওঁ পুৰণি আখ্যানৰ ভিত্তিত ৰচনা কৰা বেলেড জাতীয় কবিতাসমূহত চ আদিম প্ৰেমৰ চিৰন্তন প্ৰতিচ্ছবি ধুনীয়াকৈ ফুটি উঠিছে।ধনবৰ ৰতনী, মালতী, নিমাতী কন্যা। ধনবৰ ৰতনী কবিতাটিত প্ৰেমিক  ধনবৰে প্ৰেমিকা ৰতনীক কৈছে,
” পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই,
লতা বগাবলৈ টান,
ৰতনী সোণাইক বৰিব পাৰোঁ মই
মাকক বুজাবলৈ টান।”
গোটেই কবিতাটিত প্ৰকৃতিৰ বিভিন্ন উপমাৰে প্ৰেম-বিচ্ছেদ আবেগ-অনুভূতি অতি আকৰ্ষণীয় ভাবে প্ৰকাশ হৈছে। কবিয়ে এই কবিতাসমূহত লোকগীতৰ সুৰৰ ঝংকাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই লোকগীত আৰু পুৰণি আখ্যানৰ আধাৰত সৃষ্টি কৰা বেলেড কবিতাসমূহৰ বাহিৰেও ৰোমান্টিক প্ৰেমৰ কেইবাটাও কবিতা ৰচনা কৰিছে  ; য’ত প্ৰেম আৰু সৌন্দৰ্যৰ স্বৰূপ আৰু প্ৰভাৱ ফুটি উঠিছে।সেইবোৰ হ’ল , প্ৰিয়তমা, প্ৰিয়তমাৰ সৌন্দৰ্য্য, প্ৰেম আদি কবিতাকেইটা অসমীয়া প্ৰণয়মূলক কবিতাৰ উৎকৃষ্ট উদাহৰণ। বেজবৰুৱাৰ মতে প্ৰেমেই জগতৰ ধৰণী , ” প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল।” শ্যেলীৰ প্ৰেমৰ দৰ্শনৰ (Love’s Philosophy) অনুবাদ আৰু সপ্তদশ শতিকাৰ ইংৰাজী কবিতাৰ আদৰ্শত লিখা ” প্ৰিয়তমা”ত ইন্দ্ৰিয়-গ্ৰাহ্য প্ৰেমৰ আভাস আছে যদিও ” প্ৰিয়তমাৰ সৌন্দৰ্য্য” আৰু ” প্ৰেম” কবিতাই ইন্দ্ৰিয়-প্ৰেমৰ আসক্তি অতিক্ৰম কৰি আন্তৰিক প্ৰেমৰ জয়গান গাইছে।ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাসমূহৰ আন এটি প্ৰধান সুৰ  হ’ল, স্বদেশপ্ৰেম , প্ৰীতি আৰু স্বজাতিৰ প্ৰতি অনুৰাগ।দৰাচলতে বেজবৰুৱাৰ প্ৰকৃত কবি-মানসত সৃষ্টি হোৱা ৰস সঞ্চাৰী কবিতাসমূহ ইংৰাজী কবি চেম্পিয়ন ( Campion) হেৰিক (Herick), বাৰ্ণছ(Burns) , ৱৰ্ডচৱৰ্থ (Wordsworth, শ্বেলী (Shelley) আদিৰ কবিতাৰ ভাৱ আৰু চিত্ৰক আত্মগত কৰি বুকুৰ উম দি, বঙালী কবিতাৰ সংস্কাৰ -ধৰ্মী আদৰ্শক সাৰোগত কৰি অসমীয়া পৰিৱেশত দ্বিজত্ব দান কৰিছিল। কোনো কোনো কবিতাত সংস্কৃত কবিতাৰ প্ৰতিধ্বনি শুনা যায়। ৰবীন্দ্ৰ নাথ ঠাকুৰৰ কাব্য-ৰীতিও প্ৰভাৱ নেপেলাকৈ থকা নাই। কিন্তু, তেওঁৰ কবিতাৰ প্ৰধান সুৰ অসমীয়া লোকগীতৰ সুৰৰ ঝংকাৰ।লক্ষ্মীনাথ বেজবৰুৱাৰ দেশাত্মবোধক কবিতাসমূহ হ’ল, বীণ আৰু বৰাগী, অসম সংগীত, অ মোৰ আপোনাৰ দেশ, ব্ৰহ্মপুত্ৰ আদি তেওঁ সম্পাদনা কৰা ” বাঁহী” আলোচনীত প্ৰকাশ হৈছে।তেওঁৰ এই স্বদেশপ্ৰেম কবিতাসমূহত স্বদেশ প্ৰীতি আৰু বেদনাৰ বিমিশ্ৰ প্ৰভাৱে পাঠকৰ মন আন্দোলিত কৰি তোলে।
” আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ’ম?
সকলো আছিল সকলো আছে, নুশুনোঁ নলওঁ গ’ম “
” বাজক ডবা ,বাজক শঙ্খ, বাজক মৃদং খোল ;
অসম আকৌ উন্নতি পথত ,
জয় আই অসম বোল।”
” পুৰণি পৃথিৱী নকৈ চাই লওঁ
হে বীণ  এষাৰি মাত। “
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা অ মোৰ আপোনাৰ দেশ” জাতীয় সংগীতটি বঙালী কবি দ্বিজেন্দ্ৰ লালৰ ” ধানেৰ খেতে বাতাশ ঢৈউ খেলে যায়, এমন কাহাৰ দেশে ” কবিতাটিৰ আধাৰত ৰচিত।  যি কি নহওঁক, হাস্য-ব্যাঙ্গাত্মক কবিতাই হওক বা গহীন কবিতাই হওক,তাত দুখ বা নিৰাশাবাদৰ স্থান নাই। জীৱনৰ সুখ- দুখ,  মানৱৰ সৰলতা -দুৰ্বলতা, সমাজৰ নীতি -অনীতি — এই সকলোবোৰ সহজ ভাবে লৈ আশাবাদী মনোভাৱেৰে তেওঁ কবিতা সৃষ্টি কৰি গৈছে।ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই বঙ্গদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ প্ৰজ্ঞাসুন্দৰীক বিয়া কৰাই কলিকতাত “জোনাকী” আৰু ” বাঁহী” আলোচনীত অসমীয়া সাহিত্য চৰ্চা কৰাৰ সময়ত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে ঠাকুৰ বংশৰ জোঁৱাই হিচাপে বঙালী সাহিত্যৰ চৰ্চা কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু লক্ষ্মীনাথ বেজবৰুৱাই সেই পৰামৰ্শ উপেক্ষা কৰাৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁক ” জেব্ৰা জাতীয় জোঁৱাই বুলি মন্তব্য কৰি শেষত তেওঁৰ হাতত এটি কলম উপহাৰ দি ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল, ” এই কলম দিয়ে তোমাৰ সোণাৰ লেখা বেৰুবে ” সচাঁকৈয়ে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ লেখাৰ মাজেৰে সোণৰ লেখা প্ৰকাশ হৈ তেওঁ অসমীয়া সাহিত্যৰ দিক্ দৰ্শনকাৰী আৰু অসমীয়া সাহিত্য চৰ্চা অব্যাহত ৰখা অসমীয়া সাহিত্যিক সকলৰ ধ্ৰুব তৰা হৈ সদায় জিলিকি থাকিব।এই গৰাকী আধুনিক অসমীয়া সাহিত্যৰ মহান স্ৰষ্টাক তেওঁৰ জন্ম দিনটিত ( ১৪ অক্টোবৰ) তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। ” জয় আই অসম” ।