আধুনিকতাৰ বুকুত হেৰাই গ’ল গ্ৰীটিংছ কাৰ্ডৰ মাদকতা
ভাস্কৰ প্ৰিয়ম হাজৰিকা
নগাঁও, কৰচুং সত্ৰ
নৱবৰ্ষ আহিলে পুৰণি গাওঁখন অথবা চহৰৰ দোকানখনৰ বুকুত জিলিকি ৰয় গ্ৰীটিংছ কাৰ্ডৰ সুৱাহ। নানা ৰঙৰ কাৰ্ডবোৰৰ বাবে দোকানৰ বুকুত ভিৰ কৰে হাজাৰজন প্ৰেমিক। ডিচেম্বৰৰ শীতৰ সেমেকা বুকুত হেপাঁহবোৰ সামৰি ডাকোৱালৰ জোলোঙাৰ বুকুত আহে নৱবৰ্ষৰ আশীষ শুভকামনা। এইবোৰ আছিল একোটা হৃদয়জীনা মাদকতা আৰু আৱেগৰ ঠিকনা। এখন হেপাঁহৰ গ্ৰীটিংছ কাৰ্ডৰ বাবে সকলোৱে আশা কৰে। বন্ধুৰ পৰা আৰম্ভ কৰি প্ৰেমিকলৈ এনেদৰে গ্ৰীটিংছ কাৰ্ডৰ মাজেৰে নৱবৰ্ষৰ শুভকামনা জনোৱা হয়। প্ৰতিটো শব্দ আৱেগ হৈ পৰে আৰু আৱেগবোৰ হৃদয়ত ভালপোৱা হৈ বিয়পে। এতিয়াও কিছুমান মানুহৰ ঘৰত গ’লে দেখিব পোৱা যায় গ্ৰীটিংছ কাৰ্ডবোৰ সংগ্ৰহ কৰি মালা বনাই সজাই ৰখা দৃশ্য। কথাবোৰত সঁচাকৈ আৱেগ আছে আৰু আৱেগবোৰত একোটা মাদকতা আছে।
আধুনিকতাৰ বুকুত গ্ৰীটিংছ কাৰ্ডবোৰ ত্ৰুমানৰে হেৰাই যাব খুজিছে। বতৰ্মান প্ৰজন্মই চিনি নাপাব সেই গ্ৰীটিংছ কাৰ্ডৰ মাদকতা। আজি গ্ৰীটিংছ কাৰ্ডৰ বাবে কোনেও নঙলা মুখত ডাকোৱালৰ বাবে অপেক্ষা নকৰে নতুবা আৱেগভৰা শব্দবোৰলৈ।
পৃথিৱীখন যিমানেই আগবাঢ়ি গৈছে সিমানেই আৱেগবোৰ, মাদকতাবোৰ লাহে লাহে হেৰাই গৈছে। এতিয়া সকলোৱে হাতত ম’বাইল আহিল, হোৱাটআপ, ফেচবুক আদিৰ দৰে অত্যাধুনিক এপ সমূহ আহিল। এক ছেকেণ্ড সময় নষ্ট নোহোৱাকৈ সকলোবোৰ ক’ব পৰা হ’ল। ব্যস্ততাৰ পৃথিৱীখনত সময়বোৰ কমি আহিল। হোৱাটআপৰ যোগেদি নৱবৰ্ষৰ শুভকামনা সুন্দৰ আকাৰে ডিজাইন কৰি পঠাব পৰা হ’ল। সময়ৰ অভাৱ, কৰ্মব্যস্ততাৰ মাজত এনেদৰে হেৰাই গ’ল গ্ৰীটিংছ কাৰ্ডৰ সুৱাহবোৰ।
এতিয়া দোকানবোৰৰ বুকুত নৱবৰ্ষ আহিলে গ্ৰীটিংছ কাৰ্ডবোৰ দেখা নাপায় আৰু গ্ৰীটিংছ কাৰ্ডৰ সুৱাহ বিচাৰি প্ৰেমিকবোৰে ভিৰ নকৰে। সকলোবোৰ এতিয়া সহজলভ্য হৈ পৰিল। আধুনিকতাই আমাক বহু ওচৰ চপাই আনিলে যদিও আচল মাদকতা, আৱেগ আৰু হৃদয়ৰ আৱেগবোৰ কাঢ়ি লৈ গ’ল।