আত্মীয়  অনুভূতি- মৃদুস্মিতা শৰ্মা গোস্বামী

pc- shutterstock

আত্মীয়  অনুভূতি

বোৱাৰী, তুমি যে এতিয়া মাৰাক ক’লা আজি আমাৰ ঘৰলে ন-কইনাক ফুৰাবলৈ আনিব বুলি, কোন আহিব আজি ?  সেই যে , গণেশৰ ল’ৰাৰ বিয়াখন খাইছিলাগৈ – সেইজনী বোৱাৰীক আনিব নেকি ? বোৱাৰীয়েকৰ পৰা সবিশেষ শুনাৰ পিছত অশীতিপৰ বৰদেউতাই হেনো আনন্দত ক’ব নোৱাঁৰা হৈ কৈছিল, “বৰ ভাল কথা, বৰ ভাল কথা । তুমি জানানে নাই, সিহঁত আমাৰ একেবাৰে আপোন মানুহ । জীৱিকাৰ খাতিৰত ঘৰৰ পৰা আঁতৰি থাকিবলগা হোৱাত আহ-যাহবোৰ কমি গ’ল বাবেই নিজৰ মানুহবোৰো কিবা অচিনাকীৰ দৰে হ’বলৈ ধৰিলে । গণেশ মোৰ সম্পৰ্কীয় ভাই আৰু ন-কইনাজনী মোৰ ভতিজা বোৱাৰী । মাৰাই তোমাক বুজাই দিছেনে নাই? গতিকে অহাৰ লগে লগে চিধাই টিভি থকা ৰূমটোলৈকে সুমুৱাই আনিবা, ড্ৰয়িং ৰূমত নবহুৱাবা আকৌ দেই । কাৰণ, সিহঁত মোৰ ঘৰৰ মানুহ” ।

কিমান আত্মীয়তা থাকিলে তেনে ধৰণৰ কথাৰে মনৰ আনন্দ প্ৰকাশ কৰিব পাৰে তাকে ভাবি আপ্লুত হলো আৰু অন্তৰৰ গভীৰতাত আত্মীয়তাক উপলদ্ধি কৰিবলৈ যত্ন কৰিলোঁ ।

শুনিছিলো, প্ৰকৃতিক ভাল পোৱা মানুহবোৰৰ অন্তৰবোৰ হেনো বিশাল হয়। নিজে একো নজনাকৈয়ে প্ৰকৃতিক প্ৰাণ ভৰি ভাল পোৱা শৈশৱৰ মধুৰ স্মৃতিবোৰ মানুহজনে এতিয়াও নিশ্চয় অন্তৰত সাঁচি ৰাখিছে । হয়তু ঋতু অনুযায়ী প্ৰকৃতিৰ উপহাৰ সমূহক উপভোগ কৰাৰ অৱকাশ পাইছিল বাবেই সেই অগ্ৰজসকলে সীমিত সুবিধাৰ মাজেদিয়েই বিভিন্ন ক্ষেত্ৰত নিজৰ নিজৰ মেধা শক্তিৰে সময় অনুযায়ী আগুৱাই যাব জানিছিল, মানৱ সম্পদ গঢ়ি উলিয়াব পাৰিছিল।  সম্পৰ্কীয় ককাই-ভাই, বাই-ভনীবোৰ একেলগে লগ লাগি বিভিন্ন ধৰণেৰে ফূৰ্তি-তামাছা কৰাৰ লগতে পকা পকা আম, জামু, লিচুবোৰ বাৰীৰ পৰা গোটাই-পিটাই আনি ভগাই খাব জানিছিল । নিজৰ লগতে পৰিয়ালৰ লোকৰ প্ৰতি থকা দায়িত্ববোধ উপলদ্ধি  কৰিব পাৰিছিল । হয়তু আখলৰ জুইকুৰাৰ খৰিদাল লৰাই পোৱা, ৰঙা মাটিৰ মজিয়াত পীৰা পাৰি বহি, পোৰা আলুৰ পিটিকাৰ সৈতে পঁইতা ভাতৰ জুতি লৈ পোৱা, জোনাক ৰাতি চোতালত বহি বিচনীৰ বা লৈ ককা-আইতাৰ মুখৰ সাধু শুনাৰ আমেজ লৈ পোৱা, তাহানিৰ দিনবোৰত কৃত্রিমতা কমকৈ আছিল বাবেই মৰমৰ বান্ধোনবোৰ এতিয়াও ইমান নিকপকপীয়া ।

সেই প্ৰজন্মৰ ইতিবাচক প্ৰভাৱক সন্মান জনাব জানিলে এতিয়াও হয়তু শ্ৰদ্ধা আৰু মৰমবোৰ প্ৰকাশ কৰাৰ মাধ্য়ম যান্ত্ৰিক ন’হৈ আন্তৰিক হোৱাৰ লগতে আন্তৰিকতাৰ পৰিসৰো গভীৰৰ পৰা গভীৰতলৈ যোৱাৰ পথ সুগম হ’ব। বাই-ভনী, ককাই-ভাই, পেহা-পেহী, মহা-মাহী, খুড়া-খুড়ী, মামা-মামী আদি বিভিন্ন সম্বন্ধবোৰ চেনেহৰ এনাজৰীৰে বান্ধ খাই থাকিব আৰু সম্বোধনবোৰৰ পৰিচিতিও বৰ্ত্তি থাকিব। ।  নিজৰ ঘৰৰ সুস্বাদু আহাৰৰ বাহিৰেও, বছেৰেকৰ মূৰত এবাৰ হ’লেও আইতাৰ হাতৰ খাৰ আৰু বনশাকৰ আঞ্জাখনেৰে, মাহী, পেহী, খুড়ী, মামীয়ে পাকঘৰত তৈয়াৰ কৰা বিভিন্ন উপাদেয় ব্য়ঞ্জনেৰে এসাজ খোৱাৰ দূৰ্বাৰ হাবিয়াস জাগিব ।জাতীয় সংস্কৃতিৰ পৰম্পৰা সমূহ পুৰুষানুক্ৰমে চলি থকাৰ লগতে বিপদে-সম্পদে পাৰিবাৰিক খা-খবৰবোৰ আদান প্ৰদানৰ বাবেও ম’বাইল ফ’নটো ব্যৱহৃত হ’ব ।

পৰিণতিত, অদূৰ ভবিষ্যতে বৰদেউতাৰ দৰে কোনো সৌভাগ্যৱানে হয়তু আত্মীয়ৰ আগমনৰ বতৰা শুনি আনন্দ প্ৰকাশ কৰিবলৈ সুবিধা পাব।

মৃদুস্মিতা শৰ্মা গোস্বামী,
যোৰহাট