আত্মাৰ সুৰ
সচাকৈয়ে এটা সুৰ হেৰাই গ’ল
যি সুৰে পৰিবৰ্তিত জীৱনৰ
আবেগৰ লগত একাত্ম হোৱাৰ
পথত জোনাক সিচিছিল ।
সচাকৈয়ে এটা কণ্ঠ আছিল
য’ত প্ৰতিখন হৃদয়ে
বিছাৰি পাইছিল
নিজা নিভৃত পৰিচয় ।
বহু গীত,সুৰ, কণ্ঠ
বাজি থাকিব, শুনি থাকিম
হৃদয় চুই শিহৰন তোলা
আবেগৰ সেই হিল্লোল
কেতিয়াও শুনা নাপাম ।
(কে কে ৰ বাবে দুশাৰী )
যুথিকা শৰ্মা