আত্মাৰ বাট – চৈয়দ আফতাদ হুছেইন

আত্মাৰ বাট
(কমৰেড দেৱান ইফতিকাৰ হুছেইনলৈ শ্ৰদ্ধাৰে)
চৈয়দ আফতাদ হুছেইন
জীৱনৰ মায়া যেন কায়া
সংগ্রামত এটোপাল পানী
চকুত
কুঁৱলীসনা আশা
এনেকৈ বহু দিনত আজীৱন
পণৰ মহিমা
কোন বাটত নিজৰ আত্মাৰ গান
কোন বাটত নিজৰ আত্মাৰ মান
কোন বাটত নিজৰ আত্মাৰ তেজ
কোন বাটত কুঁৱলী নাই
পৰ আপোন আপোন পৰ- বুদ্ধৰো বাণী
মুক্তিত পৰনো কোন
দেহ পচি আত্মাত জীৱন
সংগ্ৰামৰ হাত
জীৱনত সৰিয়হফুলা সৌন্দৰ্যৰ সংগ্ৰাম
সংগ্ৰামী বন্ধুৰ