আত্মবিশ্বাসী জামছেদপুৰ এফ চিৰ বিৰুদ্ধে চাপত নৰ্থ ইষ্ট ইউনাইটেড

আত্মবিশ্বাসী জামছেদপুৰ এফ চিৰ বিৰুদ্ধে চাপত নৰ্থ ইষ্ট ইউনাইটেড

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ [আই এছ এল]ৰ শনিবাৰে আবেলি পাঁচ বজাত হ’বলগা মেচত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে জামছেদপুৰ এফ চিৰ বিৰুদ্ধে খেলিব৷ ঘৰুৱা দলটোৱে নতুন ছিজনত গুৱাহাটীত তৃতীয় মেচখনত অৱতীৰ্ণ হ’ব যদিও এতিয়াও সমৰ্থকক জয়ৰ আনন্দ দিবলৈ সক্ষম হোৱা নাই৷ চেন্নাইয়ান এফ চিৰ বিৰুদ্ধে গুৱাহাটীত খেলা অন্তিম মেচত নৰ্থ ইষ্ট ইউনাইটেড পৰাস্ত হোৱাৰ বিপৰীতে কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ বিৰুদ্ধে ড্ৰ খেলিছিল৷ ডুৰাণ্ড কাপৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডে ইতিমধ্যে পাঁচখন মেচ খেলি পাঁচ পইণ্ট লাভ কৰিছে৷ দলে এখন মেচত জয় আৰু দুখনকৈ মেচত পৰাজয় তথা ড্ৰ খেলিছে৷মহমেদান স্পৰ্টিঙক পৰাস্ত কৰি লীগত প্ৰত্যাশিত আৰম্ভনি কৰা নৰ্থ ইষ্ট ইউনাইটেডে এফ চি গোৱাৰ বিৰুদ্ধে ড্ৰ আৰু মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে পৰাস্ত হৈছে৷ যোৱা চাৰিখন মেচত দলে দুই পইণ্ট লাভ কৰিছে৷ চাৰিওখন মেচতে দলে প্ৰথমে গল কৰাৰ পাছতো জয়ৰ পৰা বঞ্চিত হয়৷ইফালে, জামছেদপুৰ দলৰ আত্মবিশ্বাস এইসময়ত তুংগত৷ পাঁচখন মেচৰ চাৰিখনতে জয়লাভ কৰি বাৰ পইণ্টৰে তালিকাৰ দ্বিতীয় স্থানত আছে খালিদ জামিলৰ দল৷ ইষ্ট বেংগল আৰু হায়দৰাবাদ এফ চিক পৰাস্ত কৰি গুৱাহাটীলৈ আহিছে জামছেদপুৰ৷ ইয়াৰপূৰ্বে দলে গোৱা আৰু মুম্বাই চিটিক পৰাস্ত কৰি আভিযান আৰম্ভ কৰিছিল৷ কেবল ওড়িছা এফ চিৰ বিৰুদ্ধে পইণ্ট হেৰুৱাইছে জামছেদপুৰে৷কিন্তু নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে সুখৰ ইতিহাস হ’ল জামছেদপুৰৰ বিৰুদ্ধে দলে খেলা যোৱা দুখন মেচত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ গৌৰৱৰ ইতিহাস জামছেদপুৰৰ বাবেও আছে৷ উভয় দলে চৈধ্যখন মেচত মুখামুখি হৈছে আৰু জামছেদপুৰে ছখনত জয় হোৱাৰ বিপৰীতে সমসংখ্যক মেচ ড্ৰ হৈছে৷কাইলৈৰ মেচক লৈ নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালি কয় ‘আশা কৰা সফলতা নাপালেও আমাৰ ওপৰত কোনো চাপ নাই৷ কিন্তু আমাৰ ভোক আছে৷ মই পইণ্ট চোৱা নাই যদিও আমাৰ বিৰুদ্ধে বিপক্ষই কৰা গ’লবোৰ নীৰিক্ষন কৰিছো৷ প্ৰতিখন খেলতে আমাৰ বিৰুদ্ধে দুটাকৈ গ’ল হৈছে৷ আমি সেইটো হ্ৰাস কৰিব লাগিব৷ ৰক্ষণ বিভাগ সুৰুঙা মুক্ত কৰিবলৈ কাম কৰি আছো৷ বিপৰীতে আমি এই ছিজনত সৰ্বাধিক গ’ল দিয়া দলসমূহৰ ভিতৰত অন্যতম৷’ইফালে, জামছেদপুৰৰ মুখ্য প্ৰশিক্ষক খালিদ জামিলে কয় ‘আমি কাইলৈৰ মেচত ইতিবাচক ফলাফল লাভৰ বাবে অত্যন্ত আগ্ৰহী৷ এই খেলখন ঘৰুৱা দলটোৰ বাবেও গুৰুত্বপূৰ্ণ৷ আমাৰ লক্ষ্য তিনি পইণ্ট যদিও নৰ্থ ইষ্ট ইউনাইটেড এজন অতি ভাল প্ৰশিক্ষক আৰু ভাৰতীয় তথা বিদেশী খেলুৱৈৰ ভাল মিশ্ৰণৰ দল৷ সামগ্ৰিকভাৱে আই এছ এলৰ অন্যতম শ্ৰেষ্ঠ দল৷’