আজি শিক্ষক দিৱসৰ দিনা গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যক ৰঙিলীবার্তাৰ সম্বৰ্ধনা

বার্তাসেৱা-  চাৰিওফালে মৃত্যুৰ কিৰিলি,দানব ৰূপী ক’ৰনাৰ সংহাৰী ৰূপ।তাৰ মাজতো দেবদূত ৰূপী চিকিৎসক সকলৰ অহৰহ প্ৰচেষ্টা, মানব জাতিটোক দানবৰ পৰা বচোৱাৰ।তেনে এজন দেবদূতৰ নাম হ’ল গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য।এইজনা দেবদূত ৰূপী চিকিৎসকৰ অহৰহ প্ৰচেষ্টাত ক’ত মৰহিব ধৰা জীৱনে ঠন ধৰি উঠিছে।আজি শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত ৰঙিলী বাৰ্ত্তাৰ সমূহ পৰিয়াল বৰ্গৰ তৰফৰ হৈ কাৰ্যকৰী সম্পাদক তথা স্বতাধিকাৰী উদ্দীপ্ত নয়ন মেধিয়ে আৰু তেওঁৰ সতীৰ্থ সহ এখনি ফুলাম গামোচা,সম্বৰ্ধনা পত্ৰ আৰু শৰাইৰে তেখেতক সম্বধৰ্না জনায়।উক্ত সম্বৰ্ধনা অনুস্থানত উপস্থিত থাকে তেখেতৰ সহধৰ্মিনী তথা জি.এম.চি ৰ কমিউনিতি মেডিচিন বিভাগৰ অধ্যাপিকা আৰু ৰঙিলী বাৰ্ত্তাৰ নিয়মীয়া লেখিকা ডাঃ যুতিকা ওজা বাইদেউ।তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।আৰু শেষত তেখেতসকলৰ সুস্বাস্থ্য তথা দীঘাৰ্য়ু কামনা কৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনায়।