আজি যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ কন্ঠশিল্পী জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন

Pc The Indian Express

আজি যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ কন্ঠশিল্পী জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন

ৰঙিলী বাৰ্ত্তাসেৱা- আজি যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ কন্ঠশিল্পী জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন। শিল্পীগৰাকীৰ অসংখ্য অনুৰাগীয়ে তেওঁৰ ওপজা দিনটো বিশেষভাৱে উদযাপন কৰিবলৈ প্ৰস্তুতি কৰিছে। প্ৰতিবছৰৰ দৰে অনুৰাগীসকলে এই দিনটোক বিশেষ কৰিবলৈ যত্ন কৰে। আনহাতে, জুবিন ফেন ক্লাবে প্ৰতিবছৰে বিভিন্ন কাৰ্যসূচীৰে মৰমৰ শিল্পীৰ জন্মদিনটো পালন কৰি আহিছে। এই বৰ্ষত যোৰহাটত জুবিনৰ জন্মদিন বৃহৎ আকাৰে পালন কৰাৰ বাবে আয়োজন কৰিছে জুবিন ফেন ক্লাবে। ‘অল আছাম জুবিন গাৰ্গ ফেন ক্লাব’এ আজি ১৮ নৱেম্বৰ তাৰিখে যোৰহাটৰ কোৰ্ট ফিল্ডত জুবিন গাৰ্গৰ ৫০তম জন্মদিন উদযাপন কৰিব। এই অনুষ্ঠানত জুবিন গাৰ্গ উপস্থিত থাকিব আৰু সেইবাবে তেওঁ ১৫ তাৰিখেই যোৰহাটত উপস্থিত হয়। এক উৎসৱ মুখৰ পৰিৱেশৰ আয়োজন কৰা হৈছে তেওঁৰ এই বিশেষ দিনটো।