আজি নৱমী- ইকবাল হুছেইন

আজি নৱমী

ইকবাল হুছেইন,

মৈৰাবাৰী 

 ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ মৈৰাবাৰীত উলহমালহেৰে পালন কৰা হয় দুৰ্গোৎসৱ__

দুৰ্গা পূজা হৈছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ উপাসনা পৰ্ব। এই উৎসৱক নৱৰাত্ৰী বুলিও জনা যায়।

ভাৰতৰ উৰিষ্যা, উত্তৰাখণ্ড, বিহাৰ, পশ্চিম বংগ, অসম, ত্ৰিপুৰা ৰাজ্যত বৰ ধুমধামেৰে উৎযাপন কৰা হয় দুৰ্গা পূজা আৰু উত্তৰ ভাৰতত নৱৰাত্ৰী হিচাপে পালন কৰা হয়। দুৰ্গা পূজা শৰৎ (আহিনত) আৰু বসন্ত (চ’ত)ৰ শুক্লাপক্ষত অনুষ্ঠিত হয়। সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত।

ইতিমধ্যে দুৰ্গা পূজাৰ পাৰভঙা আনন্দ উছাহত মতলীয়া হৈ পৰিছে ৰাজ্যৰ হিন্দু সমাজ, বাদ পৰি ৰোৱা নাই মৰিগাঁও জিলাৰ মৈৰাবাৰীতো ।

কৰোনা মহামাৰীৰ বাবে বিগত দুটা বছৰ অনুষ্টুপীয়াকৈ দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ পিছত এইবাৰ আড়ম্বৰপূৰ্ণ ভাবে চলিছে দূৰ্গা পূজা।

মৰিগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ লগতে মৈৰাবাৰীৰ কালীমন্দিৰতো আড়ম্বৰপূৰ্ণ ভাৱে উৎপাদন কৰা হয় দূৰ্গোৎসৱ। ২ অক্টোবৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দুৰ্গোৎসৱৰ প্ৰতি দিনেই পূজা-অৰ্চনা, আৰতি প্ৰদান, আতচবাজী প্ৰদৰ্শন, আয়তিৰ নাম, গীত-মাত-নৃত্য আদিৰে দেৱী দুৰ্গাৰ পূজা অনুষ্ঠিত হয়।

উল্লেখ্য যে, সনাতন ধৰ্মৰ মত অনুসৰি জ্ঞান, সম্পদ তথা শক্তিৰ প্রতীক হৈছে নাৰী। মহাসৰশ্বতী, মহালক্ষ্মী আৰু মহাকালীৰূপত এই ত্রিতত্ত্বৰ পুজা কৰা হয়। পুৰাণ অনুসৰি যেতিয়া ধৰাৰ বুকুত অসুৰসকলৰ অত্যাচাৰ বৃদ্ধি পাইছিল তেতিযা এই তিনি শক্তিৰ সন্মিলিত ৰূপৰ পৰা জন্ম লৈছিল দেৱী দুর্গা।

দুৰ্গা পূজাৰ এই নবমীৰ দিনা সকলোৰে এটাই প্ৰাথৰ্না, হে প্ৰভূ তুমি মানুহৰ জীৱনৰ পৰা সকলো ধৰণৰ অসূয়া-অমঙ্গল দূৰ কৰি দিয়া। সকলো ধৰণৰ বিপদ-আপদ তথা ভয়-শংকাৰ পৰা পৰিত্ৰাণ দিয়া। মানুহৰ মন-মস্তিষ্কৰ পৰা জাতিভেদ নাইকিয়া কৰি প্ৰেম-ভালপোৱা তথা সমন্বয়, সম্প্ৰীতিৰ ভাৱ জগাই তোলা। তোমাৰ কল্যাণকৰ তথা মঙ্গলময় নৈপুণ্য হাতৰ পৰশত লোকভয়, ৰাজভয়, মৃত্যুভয়ৰ পৰা মুক্ত হওঁক এই পৃথিবী। দেৱী দুৰ্গাৰ এই শুভ আগমনত প্ৰাণ পাই উঠক মানৱতা, মূল্যবোধ। সুদৃঢ় হওঁক ভাতৃত্ববোধৰ এনাজৰী।