আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিব গুজৰাট বিধানসভাৰ নিৰ্বাচনৰ দিন

Pc Zee Business

আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিব গুজৰাট বিধানসভাৰ নিৰ্বাচনৰ দিন

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি ভাৰতীয় নিৰ্বাচন আয়োগে গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব। জানিব পৰা মতে, দিনৰ ১২ বজাত এক সংবাদমেলৰ জৰিয়তে নিৰ্বাচন আয়োগে এই ঘোষণা কৰিব। ১৮২ জনীয়া গুজৰাট বিধানসভাৰ কাৰ্যকাল ১৮ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে সমাপ্ত হ’ব।  এইবাৰ গুজৰাট বিধানসভাৰ নিৰ্বাচনত সমগ্ৰ দেশৰে দৃষ্টি নিৱদ্ধ থাকিব কাৰণ ৰাজ্যখনত এইবাৰ অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টী(আপ)এ নিজকে শাসকীয় বিজেপিৰ মুখ্য প্ৰত্যাহ্বানকাৰী হিচাপে প্ৰক্ষেপ কৰিছে আৰু এই বছৰৰ আৰম্ভণিতে পঞ্জাৱত বিপুল জয়লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্যত প্ৰৱেশ কৰিবলৈ আক্ৰমণাত্মক প্ৰচাৰ চলাই আহিছে। ইফালে, আগন্তুক নিৰ্বাচনত পূৰ্বতকৈ অধিক আসন লাভৰ উদ্দেশ্যৰে শাসকীয় দলটো উঠি পৰি লগাও পৰিলক্ষিত হৈছে।