আজিৰ   মানৱতা কোন দিশে ‌ধাৱমান – সমৰজ্যোতি দও

Pc IGN

 আজিৰ   মানৱতা কোন দিশে ‌ধাৱমান

 আমি জীৱশ্ৰেষ্ঠ হিছাপে সদায় চিঞৰি থাকো, সঁচাকৈ আমি মানু্হৰ‌ উপযোগী নে? আধুনিকতাৰ স্পৰ্শত আমাৰ সাধাৰণ মানৱীয়তা, মূল্যবোধখিনিও বিপদাপন্ন। দৈনিক বাতৰি কাকত,টি.ভি পৰ্দাত মানৱীয় উৎশৃখলতাৰ স্বৰূপবোৰ দেখি নিজকে মানুহৰ শাৰীত থকা যেন উপলব্ধি নহয়।আজি কেইদিনমানৰ আগত আমাৰ ঘৰৰ ওচৰত সংঘটিত এক ঘটনাই মোৰ অন্ত- আত্মা কপাই তুলিলে।পুএ অভিযন্তা,সেই অভিযন্তা পুত্ৰ সন্তানে নিজ মাতৃকেই এখন দোকানৰ সন্মুখত এৰি থৈ গৈছিল।ইয়াতকৈ চৰমলগা ঘটনা কি হ’ব পাৰে? পিতৃ-মাতৃয়ে সন্তানক আপদাল কৰে, সেই সন্তানে শেষত এলাগি কৰে। আধুনিক সমাজৰ মুখা পিন্ধা এইসকল ভদ্ৰ লোকৰ কাৰণেই এনেকুৱা ‌হাজাৰ ঘটনাৰ পূনৰাবৃতি ঘটে। পৰিবৰ্তনৰ কৰালগ্ৰাসত আমাৰ মনবোৰো কঠিন হৈ পৰিছে নেকি? ক’ত মানুহৰ মূল্য!! ই এক বৃহৎ প্ৰশ্নবোধক বৰ্তমান সময়ত।

       সমৰজ্যোতি দও

      ন -আলি বঙালপুখুৰী, যোৰহাট।