আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন

আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন

ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন। কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হ’ব সংসদৰ অধিৱেশনত। অধিৱেশনখন সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্য লৈ কেন্দ্ৰীয় চৰকাৰে সর্বদলীয় বৈঠকৰ আয়োজন কৰে। এই সর্বদলীয় বৈঠকত অধিৱেশনৰ কাৰ্যসূচী ফলপ্রসূতাৰে চলি থকাক লৈ আলোচনা কৰা হয়। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সর্বদলীয় বৈঠকত কেন্দ্ৰীয় চৰকাৰে সদনৰ মজিয়াত যিকোনো বিষয়ক লৈ আলোচনাৰ বাবে সাজু হৈ আছে বুলি কয়। সর্বদলীয় বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কংগ্ৰেছৰ নেতা গৌৰৱ গগৈকে ধৰি বিভিন্ন বিৰোধী দলৰ নেতাৰ লগতে এনডিএ সহযোগী দলৰ নেতায়ো অংশগ্রহণ কৰে। কংগ্ৰেছে এই বৈঠকত সদনত উত্তৰ ভাৰতৰ বৰ্ধিত প্ৰদূষণ আৰু মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ বিষয়টো আলোচনাৰ দাবী তোলে। আনকি আদানিৰ বিষয়টোও সদনত আলোচনাৰ বাবে কংগ্ৰেছে দাবী জনায়। কংগ্ৰেছৰ এই দাবী সন্দৰ্ভত বৈঠকত মন্ত্ৰী ৰিজিজুৱে কয় যে বিজনেছ এডভাইজাৰী কমিটীছ অৱ হাউছে এই সন্দৰ্ভত সিদ্ধান্ত গ্রহণ কৰিব। লোকসভাৰ অধ্যক্ষ আৰু ৰাজ্যসভাৰ উপ-সভাপতিৰ পৰা অনুমতি লৈহে এই বিষয়টো সদনৰ মজিয়াত আলোচনা কৰাটো বিবেচনা কৰা হ’ব বুলি কয় মন্ত্রী ৰিজিজুৱে। ৩০টা ৰাজনৈতিক দলৰ মুঠ ৪২জন নেতাই এই বৈঠকত অংশগ্রহণ কৰে। আনপিনে কেন্দ্ৰীয় চৰকাৰে এই অধিৱেশনত ১৬খন বিধেয়ক উত্থাপন কৰাৰ লক্ষ্য লৈছে। এই বিধেয়কৰ ভিতৰত বহুচৰ্চিত ৱাক্‌ফ সংশোধনী বিধেয়ক আছে। তদুপৰি পঞ্জাব আদালত (সংশোধনী) বিধেয়ক, মাছেন্ট শ্বিপিং বিধেয়ক, কষ্টেল শ্বিপিং বিল, ইণ্ডিয়ান স্প’র্টছ বিল, ভাৰতীয় বায়ুযান বিধেয়ক আদি আছে। আজিৰে পৰা আৰম্ভ হোৱা শীতকালীন অধিৱেশন অহা ২০ ডিচেম্বৰলৈকে চলিব।