আজান ফকীৰ- বন্দিতা শৰ্মা কন্দলি

pc the Janambhumi

আজান ফকীৰ

আৰব দেশৰ বাগদাদৰ পৰা অসমলৈ অহা আজান ফকীৰৰ প্ৰকৃত নাম ছাহমিলান বা ছাহমিৰাণ । অসমীয়া জনসমাজত প্ৰচলিত গীত জিকিৰৰ বেছি সংখ্যকৰেই তেওঁ ৰচক আছিল । বুৰঞ্জীৰ তথ্য অনুসৰি গদাধৰ সিংহৰ ৰাজত্ব কালত আজান ফকীৰ ভায়েক নবীজানৰ সৈতে অসমলৈ আহিছিল।অসমলৈ আহি তেওঁ অসমীয়া ভাষা সংস্কৃতিৰ লগত একাত্ম হৈ পৰিছিল। তাৰ সমান্তৰালকৈ তেওঁ লক্ষ্য কৰিছিল যে তেওঁ তকৈ পূৰ্বে যিসকল মুচলমান লোক অসমলৈ আহিছিল তেওঁলোকে ইছলামীয় নীতি নিৰ্দেশনা সঠিক ভাবে পালন নকৰি থলুৱা আচাৰ নীতিহে অনুসৰণ কৰিছিল। সেয়ে তেওঁ সেই সকলক একত্ৰিত কৰি নামাজ পঢ়িবলৈ আহ্বান জনায়। নামাজ পঢ়িবলৈ আহ্বান জনোৱাৰ বাবেই তেওঁৰ নাম আজান ফকীৰ হয়। ধৰ্মৰ প্ৰতি অগাধ ভক্তিৰ বাবে তেওঁ ‘ পীৰ ‘ উপাধি লাভ কৰিছিল।
সপ্তদশ শতিকাৰ আগভাগত অসমলৈ অহা আজান ফকীৰে প্ৰথমে কামৰূপ জিলাৰ হাজো অঞ্চলত কিছুদিন থাকি নাৱেৰে উজাই শিৱসাগৰ গড়গাঁৱত থিতাপি লয়। তাতে তেওঁ অসমীয়া লোকগীত, বৰগীত,দেহবিচাৰৰ গীত আদিৰ আৰ্হিত ইছলাম ধৰ্মীয় তাত্ত্বিক বাণীসমূহ সহজ সৰল অসমীয়া ভাষাত গীতেৰে প্ৰকাশ কৰিছিল।এই গীতসমূহৰ জৰিয়তে তেওঁ মানৱতা,সমতা, সম্প্ৰীতি আৰু ভ্ৰাতৃত্ব ভাৱ জগাই তুলিবলৈ চেষ্টা কৰিছিল। তেওঁৰ মনত উচ্চ- নীচ আদি ভেদা -ভেদ নাছিল। তেওঁ উচ্চ বংশৰ আহোম ছোৱালী বিয়া কৰাই হাড়ে – হিমজুৱে অসমীয়া সমাজত মিলি হিন্দু মুছলমান ৰ মাজত সমন্বয় গঢ়ি তুলিছিল।
অলৌকিক গুণৰ অধিকাৰী আজান ফকীৰৰ প্ৰতি আকৃষ্ট হৈ দৰঙী প্ৰজায়ো তেওঁৰ ওচৰত দীক্ষা ল’বলৈ মন মেলিছিল। তেনে সময়তে গদাধৰ সিংহৰ ৰাজত্ব কালত দৰঙীখণ্ডৰ প্ৰভাৱশালী বিষয়া ৰূপাই দাধৰাই আজান ফকীৰৰ বিৰুদ্ধে স্বৰ্গদেউৰ ওচৰত গোচৰ তৰে । ৰজাই ৰূপাই দাধৰাৰ কথামতে শুদ্ধ-অশুদ্ধ বিচাৰ নকৰাকৈ আজান ফকীৰৰ শাস্তি ৰপে চকু কাঢ়িবলৈ নিৰ্দেশ দিয়ে। ৰজাৰ নিৰ্দেশ শুনি আজান ফকীৰে এৱাচৰু খুজি দুহাতত লৈ আল্লাৰ ওচৰত মোনাজাত কৰাৰ লগে লগে চকু দুটা নিজে নিজে এৱাচৰুত সৰি পৰে। সেই চকু দিখৌ নদীত দিয়াৰ লগে লগে দিখৌ নদী উভতি বʼবলৈ ধৰে আৰু ৰজাৰ হোলোং ঘৰ কাতি হৈ পৰে বুলি কিংবদন্তি আছে। তেতিয়া ৰজাৰ ভুল ভাগিল আৰু সৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ নিৰ্মাণ কৰি দিছিল যদিও তাতেই আজান ফকীৰে ইহলীলা সম্বৰণ কৰে। অসমীয়া লোকগীতৰ আৰ্হিত ৰচিত হৃদয়স্পৰ্শী আৰু দৰদী জিকিৰ সমূহ জাতি-ধৰ্ম-বৰ্গ সকলো লোকৰে আদৰৰ সম্পদ ।

বন্দিতা শৰ্মা কন্দলি