আজাদী কা অমৃত মহােৎসৱৰ সৈতে সংগতি ৰাখি ৩ জুনত উদযাপিত হ’ব বিশ্ব চাইকেল দিৱস 

pc WinCalendar

আজাদী কা অমৃত মহােৎসৱৰ সৈতে সংগতি ৰাখি ৩ জুনত উদযাপিত হ’ব বিশ্ব চাইকেল দিৱস 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- আজাদী কা অমৃত মহােৎসৱ উদযাপনৰ সৈতে সংগতি ৰাখি ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্রীড়া মন্ত্রালয়ে দেশজুৰি ৩ জুনত বিশ্ব চাইকেল দিৱস আয়ােজনৰ সিদ্ধান্ত গ্রহণ কৰিছে। সেইমর্মে নেহৰু যুৱ কেন্দ্র সংগঠন, অসমে ৰাজ্যখনৰ ২৭ খন জিলাত আৰু কেন্দ্রীয়ভাৱে গুৱাহাটীৰ দুই স্থান ক্রমে কামাখ্যা মন্দিৰ গেট (পাদদেশ) আৰু খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত চাইকেল ৰেলীৰ আয়ােজন কৰিছে।  ঐতিহ্যক্ষেত্ৰ চাইকেল ৰেলী কামাখ্যা মন্দিৰ গেট (পাদদেশ)ৰ পৰা আৰম্ভ হ’ব আৰু লতাশিল খেলপথাৰত অন্ত পৰিব। ৰাজ্যিক পর্যায়ৰ ৰেলী খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হব আৰু বশিষ্ঠ চাৰিআলি হৈ সৰুসজাইৰ সৰুসজাই এথলেটিক ষ্টেডিয়ামত অন্ত পৰিব।  গুৱাহাটী লােকসভা সমষ্টিৰ সাংসদ কুইন ওজাই কামাখ্যা মন্দিৰ গেট (পাদদেশ)ত ঐতিহ্যক্ষেত্র চাইকেল ৰেলী আৰু ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নার্লিকাৰে পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্যিক পর্যায়ৰ ৰেলীৰ ফ্লেগ অফ্ কৰি শুভাৰম্ভ কৰিবদুয়ােটা ৰেলী সমান্তৰালভাৱে ৩ জুনৰ পুৱা ৬ বজাত ফ্লেগ অফ কৰা হ’ব আৰু দুয়ােটাতে ৭৫ গৰাকীকৈ চাইকেল আৰােহীয়ে অংশগ্রহণ কৰি প্রায় ৭.৫ কিঃমিঃৰ দূৰত্ব সামৰি ল।  এই কার্যসূচী যানবাহনৰ ব্যৱহাৰ হ্রাস কৰা আৰু এক প্রদূষণমুক্ত পৰিবেশৰ লগতে দেশখনৰ নাগৰিকসকলৰ মাজত শাৰীৰিক সক্ষমতা সম্পর্কে জনপ্রিয়তা বৃদ্ধিৰ লক্ষ্যৰে আয়ােজন কৰা হৈছে।  এইবাৰৰ বিশ্ব চাইকেল দিৱসৰ মূলমন্ত্র হল – “ছেভ দা প্লেনেট। ৰাইড এ চাইকেল।“পেডেল য়ৰ ৱে টু ফিটনেছ”।