আছু,সাহিত্য সভাক মুখ্যমন্ত্ৰীৰ তুলাধূনা

Pc Facebook

আছু,সাহিত্য সভাক মুখ্যমন্ত্ৰীৰ তুলাধূনা

ৰঙিলী বাৰ্ত্তাসেৱা-  চৰকাৰী বিদ্যালয়ৰ মাধ্যম সন্দৰ্ভত মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ইংৰাজী মাধ্যমক লৈ প্ৰশ্ন কৰা সকলক মুখ্যমন্ত্ৰীৰ তুলাধূনা।ইংৰাজী মাধ্যমক লৈ প্ৰশ্ন কৰা সকলক মুখ্যমন্ত্ৰীৰ তুলাধূনা।চৰকাৰী বিদ্যালয়ৰ মাধ্যম বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত সাংবাদিকৰ আগত কয় যে,”আছুক সুধি মই সিদ্ধান্ত নলওঁ।আমাক ভোট দিয়া ৰাইজৰ কথা ভাবিহে সিদ্ধান্ত গ্ৰহণ কৰিছো।চৰকাৰক সমালোচনা কৰাসকল বিদ্যালয়লৈ নাযায়।আমি শিক্ষক বা শিক্ষাৰ্থীৰ কথাহে শুনিম।আছুক সন্তুষ্ট কৰি যদি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লগা হয়,তেতিয়া মই আছুৰ অফিচত গৈ বহি থকাই ভাল হ’ব।ছাত্ৰৰ জীৱনৰ কথা কোৱা নেতাৰ বয়স কিমান?কোনোবা অবিবাহিত হৈ আছে সেইটো বেলেগ কথা।তেওঁলোকৰ দাদা, ভায়েকৰ সন্তান ক’ত পঢ়ে?মোৰ ল’ৰাও পঢ়ে ইংৰাজী মাধ্যমত।সাহিত্য সভাৰ সভাপতিৰ সন্তানক ক’ত পঢ়ুৱাইছে?বিবৃতি দিয়া কুল শইকীয়াৰ পুত্ৰ পঢ়িছিল ইংৰাজী মাধ্যমত।এনে বিতৰ্ক কৰি দুখীয়াৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিব নাপায়।টি আৰ পিৰ কাৰণে দুখীয়া মানুহৰ জীৱনক লৈ খেলিব নালাগে।নিজৰ লৰা-ছোৱালীক ইংৰাজী মাধ্যমত পঢ়ুৱাই ৰিক্সা চালক, ঠেলা চালকৰ সন্তানক অত্যাচাৰ নকৰিব।