আঙুলি-লক্ষী প্ৰসাদ ৰেগন

pc iStock

আঙুলি

লক্ষী প্ৰসাদ ৰেগন
আঙুলিৰ আখ্যান পঢ়িবলৈ
আঙুলিৰে পাত লুঠিয়াই
আগবাঢ়িছে চকুদুটা কেইবাটাও পৃষ্ঠাৰ অন্তৰে অন্তৰে
আঙুলি কাটি একলব্যই
গুৰু দক্ষিণা দিয়া দিনৰ পৰাই আঙুলিৰ চিন্তাৰ অৱকাশ নাই
হাত কটাৰিয়ে আঙুলি কাটে
তৰ্ক বিতৰ্কতো
আকাশৰ জোন ৰামধেনুটোলৈকে আঙুলি
আঙুলিৰ ফাঁঁকেদি সৰকি যায় চকুৰ মণি আমাৰ মন
জিভাত লেটিপেটি হোৱাৰ আগে
আঙুলিত ওলমে মনে বিচৰা বিবিধ স্বাদ
আঙুলিৰে চাৰিটা দিশলৈ উৰা মাৰে আমাৰ ক্ষুদ্ৰ মন
মন যেতিয়া উদ্যত হয়
কাৰোবাৰ স’তে বাক যুদ্ধ কৰাৰ
মোৰ ফালে দেখোন তিনিটা আঙুলি চুঁঁচামাৰি আহে
এতিয়া বুজিলোঁ আনলৈ আঙুলি টুৱালে
ইয়াৰ পৰিণাম কেনেকুৱা…
মোৰ এটা বদ্ অভ্যাস আছে
একো কাম নাথাকিলে কেঞা আঙুলিৰে কাণ চাফা কৰা
এদিন মোৰ বন্ধু এজনে এই লৈ বাক-বিতণ্ডা হ’ল
এইদৰে মোৰ পৰা আঁঁতৰি থকা হ’ল বহু মানুহ
আপোনাক মোক আঙুলিয়াই দিয়াটো
আঙুলিৰ প্ৰেম
আঙুলিৰ মাজতে আঙুলি লুকায়
আঙুলিৰো লাজ শংকা আছে। আমাৰ দৰে ব্যক্ত নকৰে
আঙুলিৰো আশ্বাস আছে, আক্ষেপ আছে
কলম ধৰিব জনা আঙুলি
কলম ধৰিব নজনা আঙুলি
হাত নথকা জনৰো আঙুলি থাকে
নাথাকে মাথোঁ আঙঠি
মুঠি টানকৈ ধৰিব নজনা আঙুলিৰ গৰাকীয়ে
ঈশ্বৰকে বেছিকৈ ভৰসা কৰে