“আগৰ গাঁওখন আৰু নাই”
ৰশ্মি ৰেখা দুৱৰা
মৰম চেনেহৰ এনাজৰীডাল হেৰাল ক’ত?
ওচৰ-চুবুৰীয়া সতে আহ-যাহ
খাদ্য বস্তু ভগাই খোৱা
সেই দিন আৰু নাই,
মৰম চেনেহৰ সূতাডাল ঘূণে ধৰিলে।
ধানে-মাহে,ফুলে-ফলে ওপচি পৰা
তামোল-পাণেৰে ভৰা
আটোমটোকাৰি ঘৰখন
আজি এৰাবাৰী হ’ল।
প্ৰতিটো মুহূৰ্ততে খবৰ লোৱা খুড়ীজনীয়ো
কাণেৰে নুশুনা হ’ল।
কিযে বিড়ম্বনা!
বোকা-পানী গোন্ধলৈ
সৰুতে দৌৰি ফুৰা ৰাস্তাটো পকী হ’ল
যান-বাহনৰ সমাগম হ’ল
প্ৰকৃতিৰ বিশুদ্ধ বায়ুৰ পৰিৱৰ্তে
গাঁওখন প্ৰদূষিত হ’ল।
অকৃত্ৰিম মৰমবোৰ কৃত্ৰিম হ’ল
ঘৰৰ আগৰ পথাৰখনো
চণ পৰি ৰ’ল,
মানুহবোৰ কামত এলেহুৱা হৈ
খেতিলৈ মন নেমেলা হ’ল।
ওচৰত বিয়া এখন হ’লে স্ফূৰ্তি কৰা
ডেকা-গাভৰুজাক এতিয়া
পৰিয়ালৰ সতে ব্যস্ত হ’ল।
আজিৰ ডেকাচামে তেনে স্ফূৰ্তিৰ
সোৱাদ ল’ব নোৱাৰি
নিজৰ মাজতে আৱদ্ধ হ’ল।
ক’ত হেৰাল সৰু সৰু মুহূৰ্তৰ সুখবোৰ?
আগৰ সেই গাঁওখন আৰু নাই।।