আকৌ হ’ব নেকি ‘কা’ আন্দোলন

Pc as.time8.in

আকৌ হ’ব নেকি ‘কা’ আন্দোলন

ৰঙিলী বাৰ্ত্তাসেৱা-  বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন(কা)ৰ বৈধতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত হ’ব শুনানি।দুটা বছৰৰ বিৰতিৰ পিছত আজি তিনি জনীয়া বিচাৰপিঠে গ্ৰহণ কৰিব এই শুনানি।উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ নেতৃত্বত গঠন কৰা তিনিজনীয়া বিচাৰপিঠৰ উপস্থিতিত অনুষ্ঠিত হ’ব কেবৰ শুনানি।২১৯ খন আৱেদনৰ ভিত্তিত হ’ব শুনানি।কভিড-১৯ ৰ বাবে এই শুনানি স্থগিত ৰখা হৈছিল।২০১৯ চনৰ ১২ ডিচেম্বৰত লোকসভা আৰু ৰাজ্য সভাত গৃহীত হৈছিল বিতৰ্কিত ‘কা’।সমগ্ৰ দেশৰ লগতে অসমতো হৈছিল ব্যাপক ‘কা’ বিৰোধী আন্দোলন।তাৰ পিছতে ১২ ডিচেম্বৰত ‘কা’ আইনত পৰিণত হৈছিল কেব।অসমত আৰম্ভ হোৱা এই আন্দোলন পৰৱৰ্তী কালত সমগ্ৰ দেশতে বিয়পি পৰিছিল।প্ৰায় দুবছৰৰ পিছত সেই চৰ্চিত ‘কা’ গোচৰৰ প্ৰথম শুনানি উচ্চতম ন্যায়ালয়ত হ’ব।