আকাশ চুবৰ মন
কবিতা শৰ্মা,
গুৱাহাটী
আপুনি সপোন দেখেনে? নিদ্ৰাৰত অৱস্থাত স্বতঃস্ফূর্ত ভাবে প্রবেশ কৰা ক্ষণস্থায়ী … আহি গুচি যোৱা, কেতিয়াবা মনত থকা, কেতিয়াবা পাহৰি যোৱা সেই সপোনবোৰ নহয়… কৈছো– সেই সপোনবোৰৰ কথা… যাক আমি খোলা চকুৰে দেখো… যাক আমি অহৰহ আমাৰ মনৰ মাজত প্রতিপালন কৰো। সেই সপোনবোৰ….. যি আমাৰ জীৱনলৈ অহা প্ৰতিটো ধুমুহা বতাহ নেওচি প্রতিনিয়ত আমাক লক্ষ্যত উপনীত হবলৈ অনুপ্ৰেৰণা যোগায় … আনকি মৃত্যুৰ আগমুহূৰ্ত্তলৈ যি আমাক জীয়াই থকাৰ শক্তি দিয়ে কৈছো সেই সপোনবোৰৰ কথা…..
সচা অৰ্থত কবলৈ গলে পৃথিবীত এনে মানুহ হয়তো কমেই আছে, যি সপোন নেদেখে। সপোন আমি সকলোৱে দেখো। পৃথিবীৰ সফলতম ব্যক্তি সকলৰ মাজত নিজৰ নামটো দেখা পোৱাৰ কামনা কৰো। সেই সপোনটোৰ মাজতে অতিবাহিত হয় আমাৰ দিন আৰু ৰাতি ৷ অকলশৰে সেই সপোনটোৰ মাজতে আমি জীয়াই থাকো। সফলতা প্রাপ্তিৰ মধুৰস পান কৰো। প্রার্থক্য মাথোঁ ইমানেই যে কিছুমানে যদি সপোন দেখে সাহসেৰে, কিছুমানে পৃথিবী খনৰ পৰা লুকুৱাই ৷ আমাৰ ভয় লাগে মনত পুহি ৰখা সেই সপোনটোৰ কথা কবলৈ । কাৰণ সৰুৰে পৰা আমাক এই কথা শিকোৱা হয় যে ভৰিখন সিমানেই মেলিবা যিমান দীঘল তোমাৰ চাদৰ খন । কোনেও আমাক এই কথা নকয় যে একাগ্রতা, সাহস,পৰিশ্ৰম, দৈনিক অণুশীলন আৰু আমাৰ বিবেক – বুদ্ধিৰ সহায়ত আমি চাদৰ খন আৰু অলপ দীঘল কৰি লব পাৰোঁ। আমাৰ ভয় কিজানি আমাক কোনোবাই হাঁহিব…. আমাৰ যোগ্যতা আৰু সামর্থ্য মনত পেলাই দিব। হয়তো এদিন আমাৰ জীৱনলৈ এনে এটা সময় আহি পৰিব যে আমাৰ নিজৰ ওপৰতে বিশ্বাস হেৰাই যোৱাৰ উপক্রম হব বৰ্তমানৰ স্থিতিৰ পৰা সেই সপোন পূৰ্ণ হোৱা অসম্ভৱ যেন লাগিব যেনেকৈ পৃথিৱীৰ সমতলৰ পৰা পৰ্বতৰ চুড়াত আৰোহণ কৰাটো অসম্ভব যেন লাগে। কিন্তু এয়া জানো আমাৰ কাম্য হোৱা উচিত ? সুপৰিকল্পনা, ধৈর্য, সাহস, আত্মবিশ্বাস, সততা আৰু সাহসেৰে এই অসম্ভৱ যেন লগা কথাবোৰো সম্ভৱ হৈ পৰে। সেয়ে যদি নহয় সেই সপোন আমি দেখিলো হয়েই বা কিয়? হয়তো সপোনৰ ৰূপত ভগবানে আমাৰ অন্তৰত এক সত্যৰ বীজ ৰোপণ কৰিছে। এতিয়া এয়া আমাৰ ওপৰত নিৰ্ভৰ কৰিব যে আমি নিজৰ শ্ৰমেৰে ৰ’দ-বৰষুণ, বতাহ ধুমুহাৰে যুঁজ দি সেই বীজক বিশালকায় গছলৈ পৰিবৰ্তন কৰিম নে নিজৰ ভিতৰতে দবাই মোহাৰি মাৰি পেলাব বিচাৰিম। যদি সময় থাকোতে নকৰো তেতিয়া হ’লে হয়তো কেতিয়াও কৰা নহব । আৰু এদিন নিজৰ সপোনটোকে বুকুত বান্ধি অকলশৰে কন্দাৰ বাহিৰে গত্যন্তৰ নাথাকিব। যিকোনো সফল ব্যক্তিৰ জীৱনী পঢ়িলে এই কথা সহজে বুজিব পৰা যায় যে তেওঁলোকে ভৰি মেলিব পৰাকৈ তেওঁলোকৰ চাদৰ খন ইমান দীঘল আৰু আহল বহল কৰি পেলালে যে তাত পৃথিৱী খনৰ সৈতে সম্পূর্ণ আকাশ খনেই সোমাই পৰিল….
এই কথা সচা যে সপোন দেখাৰ এই যুঁজখনত বহুতো প্রতিবন্ধকতা আছে। কিছুমান যদি চিনাকী , কিছুমান অচিনাকী ৰূপত … কিছুমান যদি ছদ্মবেশী, কিছুমান নগ্ন ৰূপত … আমাৰ সপোনৰ গন্তব্যস্থলত উপনীত হব পৰাকৈ আমি যিটো পথ বাচি লম হয়তো সেইটোৱেই কেতিয়াবা ধুসৰ হৈ পৰিব। কেতিয়াবা হয়তো জীৱনে এনে খেল খেলিব যে আমাৰ প্ৰিয় সেই পথটোতেই পদে পদে অনিশ্চয়তা আহি পৰিব। বাট বুলোতে হয়তো আমি বাৰে বাৰে উজুটি খাম, হালি পৰিম। পৰিম…উঠিম…..বগুৱা বাই বাই আগবাঢ়িম… সেয়া কোনো ডাঙৰ কথা নহয় ৷ পৰিলেহে উঠিবলৈ শিকা হয়। মানুহ কেনেকৈ হাৰি হাৰি জিকি যায় তাৰ অসংখ্য উদাহৰণ পৃথিৱীৰ অ’ত -ত’ত সিচৰিত হৈ আছে। সেই বারেই আমি জীৱন যুঁজৰ যুঁজাৰু…. সফলতাৰ প্ৰথম চৰ্তই হ’ল সাধনা, সাধনাৰ বাবে লাগে সাহস আৰু আত্মবিশ্বাস …
প্রখ্যাত মানবতাবাদী এ.পি.জে আব্দুল কালামে কৈছিল – জীৱনৰ সমস্যা আৰু ঘাত-প্রতিঘাতে আমাৰ জীৱনটো বিকাশ কৰাৰহে সুযোগ দিয়ে। সেয়ে যেতিয়া আমাৰ মাজৰ পৰা আশা আৰু সপোন বোৰ হেৰাই যোৱাৰ উপক্রম হয় আৰু যেতিয়া আমি লক্ষ্য প্ৰাপ্তিৰ পৰা বঞ্চিত হব লগীয়া পৰিবেশৰ সৃষ্টি হয়, তেতিয়া সেই কঠিন তথা ধ্বংসময় পৰিবেশতো আমি নিজ বিকাশৰ লুপ্ত শক্তিক পুনৰ বিচাৰি পাব পাৰোঁ। তেওঁ কৈছিল মানুহৰ শ্ৰেষ্ঠ আৰু দায়িত্বপূৰ্ণ কৰ্মৰাজিৰ বাবে নিজৰ সামৰ্থ্যৰ লগতে কেতিয়াবা অদৃষ্ট শক্তিৰ সহায়ৰ প্ৰয়োজন হয়। আমাৰ জীৱনত সেই অদৃষ্ট শক্তিৰ সংযোগ হব পাৰে বিভিন্ন প্ৰকাৰে…কেতিয়াবা কোনো এজন সজ ব্যক্তিৰ সান্নিধ্য বা পৰামৰ্শৰে, কোনো ইতিবাচক আলোচনাৰে এখন বিশেষ ফটো বা এটা দৃশ্যৰে… কেতিয়াবা হয়তো অন্তৰ চুই যোৱা এটা কবিতাৰ শাৰীয়েও আমাৰ অন্তৰাত্মাৰ লগত সংযোগ স্থাপন কৰি জীৱনৰ সেই কঠিন মুহুৰ্তবোৰ পাৰ কৰাৰ কৌশল আমাক দিয়ে। অন্তৰাত্মাৰ পৰা সৃষ্টি হোৱা মানুহৰ প্ৰবল আৰু পবিত্র ইচ্ছা তথা লক্ষ্য কেতিয়াও অসম্পূৰ্ণ হৈ নৰয় ….
সপোন দেখাৰ কোনো বয়স বা পৰিধি নাই। আজীৱন মানুহে সপোন দেখিব পাৰে। সপোন হব পাৰে যি কোনো স্তৰৰ…. সপোন যিমানেই ডাঙৰ হব, প্রাপ্তিও সিমানেই বিশাল হব। হয়তো কোনোবাই প্রশ্ন কৰিব – তুমি কিয় সেই শিখৰত বাস কৰা য’ত ঈগল চৰায়ে বাহ সাজে? তেতিয়া হলে উত্তৰত নিশ্চয় কম … আচলতে মই এই ধৰাতেই বাস কৰোঁ, মোৰ মনটোহে সেই শিখৰত বাস কৰে … য’ত পৃথিৱীৰ কলুষতাই স্পৰ্শ কৰিব নোৱাৰে … কাৰণ লক্ষ্য প্ৰাপ্তিৰ বাবে পৃথিৱীৰ কোলাহলৰ পৰা মুক্ত হৈ সেই উচ্চতাত মন গলেই বিচৰণ কৰিব পাৰি আৰু মন গলেই উভতি আহিব। পাৰি। কাৰণ মোৰ শৰীৰটো এই পৃথিৱীতেই থাকে…
এই কথা আমি সকলোৱে নিশ্চয় অনুভব কৰিব পাৰো যে আমাৰ জীৱনত সন্তাপ যিমন…. উত্তাপো সিমান। জীৱনৰ সেই উত্তাপকে সাৰথি কৰি আমি আমাৰ সপোনৰ দিশে আগবাঢ়ি যাব লাগিব। কাৰণ সফলতা আমাৰ কাষলৈ নহয় আমিহে সফলতাৰ ফালে আগবাঢ়ি যাব লাগিব। জীৱনক লৈ হা- হুমুনিয়াহ কাঢ়ি থকা আমাৰ উচিত নহয় । কাৰণ প্ৰতিবন্ধকতা বোৰো জীৱনত কেতিয়াবা বিৰাট সৌভাগ্য হিচাপে বিবেচিত হয়। সচা অৰ্থত জীৱনটো সেই সকলৰ বাবে যিসকলে নিজৰ জীয়া সপোনৰ মাদকতাত ডুব যায় … অহৰহ বিশ্বাস ৰাখে নিজৰ সপোনৰ সৌন্দৰ্যত … ৰাতি যাপন কৰে সপোনৰ কোলাত ৰাতি যাপন কৰিও অতি নিদ্ৰা যাৰ কাম্য নহয়। কাৰণ সপোন সেয়া নহয়, যি আমি শুই শুই দেখোঁ … সপোন সেয়াহে যি আমাক শুবলৈ নিদিয়ে….
সপোন দেখা পৃথিৱী খনৰ বাবেও সঠিক। পৃথিৱীৰ প্ৰতিটো আবিষ্কাৰ বা ৰোগ নিৰাময়ৰ বিধিও এই সপোন বোৰৰে সৃষ্টি। এই পৃথিৱীত মানুহেই হৈছে সপোন দিঠকত পৰিনত কৰিব পৰা একমাত্র শিল্পী। গতিকে আহক আমি সকলোৱে সপোন দেখো। সপোন দেখো গৌৰবেৰে জীয়াই থকাৰ সপোন দেখো মৃত্যুৰ পাছতো এই পৃথিৱীৰ বুকুত আমাৰ চিহ্ন ৰাখি থৈ যোৱাৰ সফলতাৰ বাবে জীৱনলৈ সুযোগ অহালৈ অপেক্ষা নকৰি নিজেই সেই সুযোগ সৃষ্টি কৰি লও আহক…..