আকাশৰ হেঙুলীয়া ৰঙ
মানসী মিশ্ৰ
মোৰ ৰঙা কলিজাত
হৃদয়ৰ স্পন্দন শুনিছানে কেতিয়াবা
হয়তো শুনিবা, অনুভৱো কৰিবা ইয়াৰ গতিবেগ
হয়তো এই গতিবেগৰ শব্দ নিজম ৰাতিৰ
নিৰ্জনতা ভেদ কৰি বৈ যোৱা নৈখনৰ দৰেই
তাৰ বুকুতেই সুখবোৰ জমা হয় আৰু দুখবোৰ
কঢ়িয়াই লৈ যায় সাগৰৰ বুকুলৈ
নৈৰ বুকুতেই যে হেৰাই যায় কতজনৰ সেউজীয়া সপোন
এৰা আধাতে সপোন সামৰি ঘৰাঘৰি যায় কতজন
এয়েতো জীৱন-
যত সপোন মৰহি যায় কাৰোবাৰ
হৃদয়ৰ প্ৰচণ্ড আঘাটত
যত ভালপোৱা ভালপোৱা বোৰ হেৰাই যায়
তোমাৰ শব্দৰ আঘাটত।