আইৰ বাণী – আলমিনা খাতুন

আইৰ বাণী
আলমিনা খাতুন,
সাপটগ্ৰাম, বালাপাৰা 
আইয়ে কৈছে’মাইনা তুমি নাযাবা বাহিৰলৈ,
এইখন ধৰা তোমাৰ বাবে নহ’য় !
মাইনা এইখন ধৰাই তোমাৰ সৰলতাৰ সুযোগ ল’ব,
মিছা প্ৰতিশ্ৰুতিৰ কবলত পৰি তোমাৰ জীৱন তচনচ হৈ পৰিব!
এইখন ধৰাত মুখাপিন্ধা মানুহ ইমান যে তুমি নিজকে হেৰুৱাবা,
মাইনা ‘তুমি বাহিৰলৈ নাযাবা,
এইখন ধৰা তোমাৰ বাবে নহ’য়!
মাইনা তুমি যি প্ৰেম,ভালপোৱা বিচাৰি ফূৰিছা
সেই প্ৰেম ভালপোৱা তুমি এইখন ধৰাত নাপাবা!
মাইনা তুমি যি সুখ বিচাৰি আছা সেই সুখ
তুমি নিজতেই খুজি ফূৰা মাইনা তুমি বাহিৰলৈ নাযাবা,
এইখন ধৰা তোমাৰ বাবে নহ’য়!
তোমাৰ কাষত থাকি তোমাকে ঠগিব,
তোমাৰ সৰলাৰ সুযোগ ল’ব তুমি গমকে নাপাবা!
মাইনা ‘তুমি বাহিৰলৈ নাযাব,
এইখন ধৰা তোমাৰ বাবে নহ’য়’!
কেতিয়াবা যদি নিজকে অকলশৰীয়া বুলি অনুভৱ কৰা
তেন্তে ডাইৰীৰ পাতত লিখি ৰাখিবা মই কোৱা প্ৰতিটো কথা
যি তোমাক বাহিৰ জগতৰ পৰা দূৰত ৰখাৰ সহায় কৰিব!
বিষাক্ত সাপতকৈয়ো মানুহ বিষাক্ত
এইবোৰ জানিবলৈ চেষ্টা নকৰিবা নহ’লে তুমিও হৈ পৰিবা বিষাক্ত,
‘মাইনা তুমি বাহিৰলৈ নাযাবা,
এইখন ধৰা তোমাৰ বাবে  নহ’য়’!
স্বাৰ্থপৰ জগতত স্বাৰ্থহীন মানুহৰ অভাৱ
মাইনা তুমি এই বাক্যশাৰী বুজোতেই
তুমি কেতিয়া প্ৰতাৰিত হ’বা তুমি গমকে নাপাবা!
প্ৰতিটো খোজ তুমি ভাৱি-চিন্তি দিবা
কিয়নো ধ্বংসৰ পিছত আৰু পূৰাব নোৱাৰি একো
মাইনা তুমি বাহিৰলৈ নাযাবা,
এইখন ধৰা তোমাৰ বাবে নহ’য়’!