অৱশেষত ট্ৰেংকুলাইজ কৰি বশ হ’ল বৰপেটাৰোডত সন্ত্ৰাস সৃষ্টি কৰা ‘লকডাউন’ক

অৱশেষত ট্ৰেংকুলাইজ কৰি বশ হ’ল বৰপেটাৰোডত সন্ত্ৰাস সৃষ্টি কৰা ‘লকডাউন’ক

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত ট্ৰেংকুলাইজ কৰি বশ হ’ল বৰপেটাৰোডত সন্ত্ৰাস সৃষ্টি কৰা ‘লকডাউন’ক ৷ ২৪ ঘণ্টাত ৪ জনকৈ লোকক আহত কৰিলে ‘লকডাউনে’। এজনৰ অৱস্থা শোচনীয়, গুৱাহাটীৰ চিকিৎসালয় ভৰ্তি৷ কোন এই ‘লকডাউন’? বৰপেটাৰোড চহৰত বিগত ৩ বছৰে মাজে সময়ে এটা ষাড় গৰুৱে চহৰখনৰ বিভিন্ন ঠাইত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ৷ এনেদৰে সন্ত্ৰাস চলোৱাৰ বাবে বৰপেটাৰোডত ষাড় গৰুটোক নাম দিয়া হৈছে ‘লকডাউন’। কাৰণ ষাড় গৰুটোৱে চহৰখনৰ যি ঠাইতে যায় সেই ঠাইতেই সকলো দোকান-পোহাৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰিবলগীয়া হয় ৷ ষাঁড় গৰুটোৱে মানুহ,দুচকীয়া– চাৰিচকীয়া বাহন সকলোতে আক্ৰমণ কৰি সন্ত্ৰাস চলাই আহিছিল ৷ বৃহস্পতিবাৰে পুৱাৰে পৰা নিশালৈকে ষাড় গৰুটোৱে চহৰখনৰ বিভিন্ন ঠাইত সন্ত্ৰাসৰ সৃষ্টি কৰি ৪ জনকৈ লোকক আহত কৰে। ইয়াৰে এজনৰ অৱস্থা শোচনীয় হোৱাৰ ফলত গুৱাহাটীৰ চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা কৰি থকা হৈছে বুলি জানিব পৰা গৈছে। অৱশেষত বৃহস্পতিবাৰে নিশা বৰপেটাৰোডৰ ৰে’ল ষ্টেচন চৌহদত ৬ ঘণ্টা জুৰি কঠোৰ পৰিশ্ৰমৰ ফলত পশু চিকিৎসা বিভাগ, বন বিভাগ, ৰে’ল আৰক্ষী আৰু বৰপেটাৰোডৰ আৰক্ষীৰ সহযোগত ষাড় গৰুটো ট্ৰেংকুলাইজ কৰি বৰপেটাৰ হাউলীৰ গো-শালালৈ স্থানান্তৰ কৰিবলৈ সক্ষম হয়।