অৱশেষত গ্ৰেপ্তাৰ হ’ল চক্ৰ বিষয়া আশীৰ্বাদ হাজৰিকা

অৱশেষত গ্ৰেপ্তাৰ হ’ল চক্ৰ বিষয়া আশীৰ্বাদ হাজৰিকা

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত গ্ৰেপ্তাৰ হ’ল চক্ৰ বিষয়া আশীৰ্বাদ হাজৰিকা। পুৱা গ্ৰেপ্তাৰ কৰা হয় ৰাজপত্ৰিত বিষয়াজনক। আৰতী তুৰী হত্যাকাণ্ডত সাঙোৰ খাইছে আশীৰ্বাদ হাজৰিকাৰ নাম। ইফালে তিনি চিকিৎসকে জামিন আবেদন কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ত। অগ্ৰিম জামিন আবেদন কৰিছিল আশীৰ্বাদ হাজৰিকায়ো। আশীৰ্বাদ হাজৰিকাৰ আবেদনৰ শুনানি আছে আজি উচ্চ ন্যায়ালয়ত। চি আই ডিৰ তৰফৰ পৰা বেইল অবজেকশ্যন জমা দিছে উচ্চ ন্যায়ালয়ত। শুনানিৰ পূৰ্বেই গ্ৰেপ্তাৰ কৰা হয় আশীৰ্বাদ হাজৰিকাক। উচ্চ ন্যায়ালয়লৈ ৰাওনা হৈছে চি আই ডিৰ এটা দল। জামিনৰ বিৰোধিতা কৰিবলৈ কেছ ডায়েৰী জমা দিব দলটোৱে।