অৱশেষত আৰক্ষীৰ জালত পৰিল কটহগুৰিৰ গভাইত চোৰ ডণ্ডু 

অৱশেষত আৰক্ষীৰ জালত পৰিল কটহগুৰিৰ গভাইত চোৰ ডণ্ডু 

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত আৰক্ষীৰ জালত পৰিল নগাঁও জিলাৰ ধিঙৰ কটহগুৰি গাঁৱৰ গভাইত চোৰ ইফতিকাৰ আহমেদ ওৰফে ডণ্ডু। জানিব পৰা মতে,কটহগুৰি নিবাসী হবিবুৰ ৰহমানৰ পুত্ৰ তথা অঞ্চলটোৰ গভাইত চোৰ ইফতিকাৰ আহমেদ ওৰফে ডণ্ডুয়ে বৃহত্তৰ টুকটুকী অঞ্চলৰ টুকটুকী,কটহগুৰি,চমকা,শিলপুখুৰী,ৰৌমাৰী আদি গাঁৱত আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি চলাই আহিছিল চুৰিকাণ্ড। দীৰ্ঘদিন ধৰি টুকটুকী অঞ্চলত চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰা ডণ্ডুক আজি পুৱা প্ৰায় ৭ বজাত কটহগুৰি গাওঁৰক্ষী বাহিনীৰ সহযোগত আহোম গাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় যদিও সহযোগী বাহাৰুল ইছলাম পলাবলৈ সক্ষম হয়।ডণ্ডুয়ে আবুল কালামৰ ডেম, কটহগুৰি গাঁৱৰ কামাল হুছেইন,টুকটকী গাঁৱৰ আবুল কাচেমৰ গৃহকে আদি কৰি প্ৰায় কুৰিজন কৃষকৰ ঘৰত চাফাই অভিযান চলোৱাৰ কথা আজি একাংশ কৃষকে সাংবাদিকক জানিব দিয়ে।আজি আহোম গাঁও আৰক্ষীয়ে ডণ্ডুক লৈ প্ৰায় এঘণ্টা জোৰা অভিযান চলাই বিভিন্ন ঠাইৰ পৰা চাইকেল,ৰ’ড,বাচন- বৰ্তনকে আদি কৰি বিভিন্ন চুৰি হোৱা সামগ্ৰী সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে চুৰি,ড্ৰাগছ,‌মদকে আদি কৰি বিভিন্ন অসামাজিক কাৰ্যৰ লগত জড়িত ডণ্ডুক কেবাবাৰো ৰাইজে ধৰি ৰাইজ মেলত বিচাৰ কৰিছিল।