অৰুণাচলৰ দুষ্কৃতিকাৰীসকলে চলোৱা নৃশংস আক্ৰমণৰ বিৰোধিতা

অৰুণাচলৰ দুষ্কৃতিকাৰীসকলে চলোৱা নৃশংস আক্ৰমণৰ বিৰোধিতা

ৰঙিলী বাৰ্ত্তাসেৱা- ধেমাজী জিলাৰ জয়ৰামপুৰৰ পাণবাৰীত স্থানীয় ৰাইজৰ ওপৰত অৰুণাচলৰ দুষ্কৃতিকাৰীসকলে চলোৱা নৃশংস আক্ৰমণৰ ফলত দুগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো ব্যক্তি আহত আৰু অপহৃত হোৱা ঘটনাৰ আজি তীব্ৰ প্ৰতিবাদ জনাই এছ ইউ চি আই ( কমিউনিষ্ট ) দলৰ ৰাজ্যিক কমিটীৰ সম্পাদক চন্দ্ৰলেখা দাসে এক বিবৃতিত কয় যে কেইবা দশক আগতে অসমৰ পৰা বিভাজিত হৈ নতুনকৈ গঠিত হোৱা ৰাজ্যসমূহৰ সীমা যথাযথভাবে নিৰ্ধাৰিত নকৰাৰ ফলত প্ৰায়ে এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈ আছে।এই ৰাজ্য সমূ্হৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ একেই দল বি জে পি ৰ হোৱা সত্বেও সীমা বিবাদৰ ফলত প্ৰায়েই এইদৰে অসমৰ সাধাৰণ মানুহৰ মৃত্যু হৈ আছে। সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থৰ উৰ্দ্ধত থাকি ৰাইজৰ লগত মতবিনিময় কৰি সংশ্লিষ্ট ৰাজ্য সমূ্হৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ত্ৰিপাক্ষিক আলাপ আলোচনাৰ মাজেৰে সীমা সমস্যাৰ স্থায়ী সমাধান কৰিব পাৰিলেহেতেন যদিও পূৰ্বতন চৰকাৰসমূহৰ দৰেই বিভাজনবাদী ৰাজনীতিৰ চৰ্চা কৰি সংকীৰ্ণ ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থত নিমগ্ন থকাৰ বাবেই এই জ্বলন্ত সমস্যাৰ সমাধান কৰাৰ নামত মাজে মাজেই নাটক কৰে যদিও প্ৰকৃতাৰ্থত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। এই কাৰণেই সীমা বিবাদক কেন্দ্ৰ কৰি প্ৰায়ে অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হৈ আছে,বহুতো অমূল্য প্ৰাণ অকালতে হেৰাই গৈ আছে আৰু এই ৰাজ্য সমূ্হৰ জনসাধাৰণ দুখন পৰস্পৰ বিৰোধী বিদেশী দেশৰ নিচিনা শত্ৰু মনোভাবাপন্ন হৈ পৰিছে, যিটো অত্যন্ত দুৰ্ভাগ্যজনক। এনে পৰিস্থিতিত এছ ইউ চি আই ( চি) দলৰ অসম ৰাজ্যিক কমিটীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক সীমান্ত সমস্যাৰ স্থায়ী সমাধান কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনোৱাৰ লগতে নিহত ব্যক্তিসকলৰ নিকটাত্মীয়ক বিশ লাখ টকা ক্ষতিপূৰণ আৰু আহতসকলৰ চিকিৎসাৰ উপযুক্ত ব্যৱস্থা কৰি যথাযথ ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবে দাবী জনায়।