অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনাত পতিত ডিব্ৰুগড়ৰ এটা পৰিলয়াল :পাহাৰৰ পৰা ৫০ ফুট তলত বাহন
এম্ হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ অৰুণাচলত অসমৰ বনভোজ দ’লৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ পৰা অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা আনিনীলৈ যোৱা এটা পৰিয়াল আনিনীৰ পৰা ঘুৰি অহাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। পাহাৰীয়া দুৰ্গম পথৰ পৰা পাহাৰৰ ওপৰৰ পৰা প্ৰায় ৫০ফুট তলত বাগৰি পৰিলগৈ তেওঁলোকৰ বাহন। ইতিমধ্যে আটাইকেইজন আৰহীক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰি অসমলৈ আনি থকা বুলি জানিব পৰা গৈছে যদিও বাতৰি লিখা লৈকে দুৰ্গম পথতেই আছে।জানিব পৰা মতে,যোৱা ১ জানুৱাৰীত ডিব্ৰুগড়ৰ পৰা অৰুণাচলৰ আনিনীলৈ গৈছিল দলটো। আজি আনিনীৰ পৰা ঘুৰি অহা সময়তে সংঘটিত হয় ভয়ংকৰ দূৰ্ঘটনাটো। প্ৰায় ৫০ ফুট তলত পৰে বাহনখন। হিতেন্দ্ৰ নাথ বুঢ়াগোহাঁই তেওঁৰ পুত্ৰ ৰেখা বুঢ়াগোহাঁই, দুই পুত্ৰ ক্ৰমে বেদব্ৰত বুঢ়াগোহাঁই আৰু দেৱব্ৰত বুঢ়াগোহাঁই, বোৱাৰী প্ৰমিলা সিং বুঢ়াগোহাঁই সহ আঠ জন গৈছিল দলটোত। ইয়াৰে শিক্ষয়িত্ৰী প্ৰমিলা সিং বুঢ়াগোহাঁইৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।