অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ কিমান যুক্তিসংগত ?
দেবর্ষি গৌতম, বনগাঁও
দেশৰ যিকোনো এখনৰ ৰাজ্যত ক্ষমতাত থকা এগৰাকী মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ ঘটনা স্বাধীন ভাৰতৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে সংঘটিত হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক ইতিমধ্যে কেন্দ্ৰীয় সংস্থা ইডিয়ে গ্ৰেপ্তাৰ কৰিছে। দিল্লী চৰকাৰৰ সুৰা নীতিৰ অনিয়মৰ অভিযোগত ইতিমধ্যে দিল্লী চৰকাৰ আন আন কেইবাজনো কেবিনেট মন্ত্ৰী গ্ৰেপ্তাৰ হৈছে। এখন ৰাজ্যৰ ক্ষমতাত থকা মুখ্যমন্ত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগে লগে ইতিমধ্যে দেশৰ ৰাজনৈতিক মহলৰ লগতে সাধাৰণ ৰাইজৰ মাজতো বিভিন্ন প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। দেশৰ ৰাজনীতিত অতি কম সময়ৰ ভিতৰত দ্ৰুত গতিত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হোৱা আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লী চৰকাৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ লগে লগে বিৰোধী পক্ষই কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। বহুতে ইতিমধ্যে সংবাদ মাধ্যম সমূহৰ আগত মন্তব্য আগবঢ়াইছে যে সমাগত দেশৰ সাধাৰণ নিৰ্বাচনত শাসকীয় দলৰ বাবে প্ৰত্যাহ্বান হিচাপে থিয় দিবলৈ প্ৰস্তুত হোৱাৰ বাবে নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰীয়ে অৰবিন্দ কেজৰিৱালক আক্ৰোশমূলক ভাবে গ্ৰেপ্তাৰ কৰিছে। স্বতন্ত্ৰ কেন্দ্ৰীয় সংস্থা সমূহক কেন্দ্ৰীয় চৰকাৰে ব্যৱহাৰ কৰাৰ অভিযোগ বিৰোধীয়ে উত্থাপন কৰিছে। আমি যদি স্বাধীন ভাৰতৰ ইতিহাসৰ পাত লুটিয়াই চাওঁ তেনেহলে দেখিবলৈ পাম যে কেন্দ্ৰত শাসনত অধিষ্ঠিত হোৱা প্ৰতিখন চৰকাৰে নিজৰ হিচাপত চৰকাৰ পৰিচালনা কৰিছে আৰু স্বতন্ত্ৰ সংস্থা সমূহৰ পৰা কম বেছি পৰিমানে লাভালাভ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আহিছে। এনে ক্ষেত্ৰত কেৱল নিৰ্দিষ্ট এটা দল অথবা এখন চৰকাৰক দোষাৰোপ কৰিলে ভুল হব। যিকোনো এগৰাকী ব্যক্তিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হলেই সেই ব্যক্তিগৰাকীক কোনেও দোষী বুলি অভিহিত কৰিব নোৱাৰে। কাৰণ দেশৰ আইন ব্যৱস্থাই যেতিয়ালৈকে এগৰাকী ব্যক্তিক যিকোনো এটা অভিযোগত দোষী সাব্যস্ত নকৰে তেতিয়ালৈকে সেই ব্যক্তিগৰাকী দোষী বুলি কব পৰা নাযায়। আদালতৰ ৰায়দানৰ পিছতহে এগৰাকী ব্যক্তিক সম্পূৰ্ণ দোষী অথবা নিৰ্দোষী বুলি কব পৰা যায়। ঠিক একেদৰে দেশৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে দেশৰ আইন ব্যৱস্থা সমান। যিহেতু দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এটা চৰকাৰী নীতি বলবৎ কৰাৰ সময়ত অনিয়ম হোৱাৰ অভিযোগ আহিছে গতিকে কেন্দ্ৰীয় স্বতন্ত্ৰ সংস্থা ইডিয়ে সেই অভিযোগৰ অনুসন্ধান কৰিছে আৰু অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী গ্ৰেপ্তাৰ হোৱা মানে এইটো প্ৰমাণ হৈ নাযায় যে তেওঁ সেই অভিযোগত দোষী। প্ৰথমে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তিত সংস্থাটোৱে তেওঁক জেৰা চলাব তাৰ পিছত আদালতত শুনানি হব। আদালত হোৱা শুনানি অনুসৰি মুখ্যমন্ত্ৰী গৰাকীয়ে জামিন লাভ কৰিব নে নাই সেয়া আদালতে বিবেচনা কৰিব। আদালতৰ নীতি-নিয়ম অনুসৰি আদালতত শুনানি হব। আদালতৰ শুনানিৰ সময়ত কেন্দ্ৰীয় সংস্থাটোৱে মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে উপযুক্ত তথ্য প্ৰমাণ আদালতৰ সন্মুখত ৰাখিব লাগিব যিয়ে প্ৰমাণ কৰিব যে মুখ্যমন্ত্ৰী গৰাকী সেই অভিযোগৰ বাবে দোষী। কিন্তু যদি মুখ্যমন্ত্ৰী গৰাকীয়ে আদালতত নিজকে নিৰ্দোষী বুলি তথ্য প্ৰমাণ দাঙি ধৰাৰ উপৰিও অনুসন্ধানকাৰী সংস্থাটোৱে মজবুত তথ্য প্ৰমাণ আদালত দাঙি ধৰাত ব্যৰ্থ হয় তেনেহলে আদালতে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী গৰাকীক নিৰ্দোষী বুলি ৰায়দান প্ৰদান কৰিব। আদালতৰ মজিয়াত বিচাৰাধীন হৈ থকা বিষয়টোত আদালতে ৰায়দান কৰাৰ পিছতে সকলো অভিযোগ-প্ৰতিঅভিযোগ স্পষ্ট হৈ পৰিব। যদি দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী উত্থাপিত অভিযোগৰ সৈতে কোনো পধ্যেই জড়িত নহয় তেনেহলে যিমান চেষ্টা কৰিলেও অনুসন্ধানকাৰী সংস্থাই আদালতৰ মজিয়াত তেওঁৰ বিৰুদ্ধে মজবুত প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম নহব। ইয়াৰ বিপৰীতে যদি অনুসন্ধানকাৰী সংস্থাই মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে মজবুত তথ্য প্ৰমাণ আদালতৰ আগত দাঙি ধৰে তেনেহলে আদালতৰ ৰায়দান সকলোৱে মানি লবলৈ বাধ্য হব। যিকোনো এটা বিষয়ত এটা পক্ষক সমৰ্থন কৰি নিজৰ মতামত প্ৰদান কৰাটো একেবাৰে সহজ কাম। কিন্তু একদম নিৰপেক্ষ ভাবে সেই একেটা বিষয়ক সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব পৰাটো অতিকৈ কঠিন কাম। এতিয়া যিহেতু দেশৰ সাধাৰণ নিৰ্বাচনৰ বতৰ গতিকে এনে সময়ত দেশৰ প্ৰতিটো ৰাজনৈতিক দলে আত্মপক্ষক সমৰ্থন কৰি বিভিন্ন মন্তব্য প্ৰদান কৰিব সেয়া লাগিলে শাসকীয় পক্ষই হওক অথবা বিৰোধী পক্ষই হওক। কিন্তু এনেধৰণৰ মন্তব্যক আমি সঁচা বুলি মানি লৈ নিজৰ মনত এক ধাৰণাৰ সৃষ্টি কৰি লোৱাটো কোনো কাৰণতে যুক্তিসংগত নহয়। যিহেতু উপযুক্ত তথ্য প্ৰমাণৰ ভিত্তিত দেশৰ আদালতে ৰায়দানৰ কৰিব গতিকে আদালতৰ ৰায়দানকহে আমি চূড়ান্ত মন্তব্য হিচাপে বিবেচনা কৰি নিজৰ ধাৰণা সৃষ্টি কৰিব লাগিব। দেশৰ ৰাজনীতিত বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক নেতাৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপিত হৈ আহিছে। নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে অভিযোগ প্ৰতিঅভিযোগৰ মাজেদি ৰাইজৰ ভোট সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে আৰু নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা কৰে। এটা কথা আমি মনত ৰখা উচিত যে ৰাজনৈতিক দলসমূহে সকলো কৰিব পাৰিলেও দেশৰ আদালতৰ যি ৰায়দানৰ সেয়া কেতিয়াও নিজৰ ইচ্ছা অনুযায়ী নিজৰ পক্ষত লব নোৱাৰে। গতিকে আদালতৰ চূড়ান্ত ৰায়দানৰ অন্তত দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ গ্ৰেপ্তাৰৰ যি প্ৰসংগ সেয়া সকলোৰে বাবে স্পষ্ট হৈ পৰিব।