অহা ৯ মে’ত ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে নৃত্য আৰু সংগীতানুষ্ঠান আয়োজক অসম চৰকাৰৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ড
ৰঙিলী বাৰ্ত্তাসেৱা- অহা ২৫ বহাগ, ১৪৩০ বঙ্গাব্দ আৰু ইং ৯ মে‘, ২০২৩ তাৰিখ মঙ্গলবাৰে গুৱাহাটীৰ মাছখোৱাৰ আই টি এ চেণ্টাৰত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬২ সংখ্যক জন্ম জয়ন্তী উদ্যাপন কৰা হ’ব। এই উপলক্ষে উক্ত অনুষ্ঠানত ৰবীন্দ্ৰ নৃত্য (একক) আৰু ৰবীন্দ্ৰ সংগীত (একক) প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। ইতিপূৰ্বে অসমৰ ষোল্লখন চহৰ যথাক্ৰমে শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি, হাফলং, লামডিং, হোজাই, নগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া, মৰিয়নী, তেজপুৰ, গুৱাহাটী, বঙ্গাইগাঁও, কোকৰাঝাৰ, বিজনী আৰু ধুবুৰীত যোৱা ২৯ আৰু ৩০ এপ্ৰিল, ২০২৩ তাৰিখে স্থানীয় পর্যায়ত বিভিন্ন শিক্ষা প্রতিষ্ঠান আৰু সাংস্কৃতিক কেন্দ্ৰত ৰবীন্দ্ৰ নৃত্য (একক) আৰু ৰবীন্দ্ৰ সংগীত (একক) প্রতিযোগিতা সুকলমে অনুষ্ঠিত হৈছে। উক্ত প্রতিযোগিতাসমূহত যিসকল প্রতিযোগী প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে তেওঁলোকেই ৯ মে‘, ২০২৩ তাৰিখ মঙ্গলবাৰে গুৱাহাটীৰ মাছখোৱাৰ আই টি এ চেণ্টাৰত সদৌ অসমভিত্তিত অনুষ্ঠিত হ’বলগীয়া এই চূড়ান্ত প্রতিযোগিতাত অংশগ্রহণ কৰিব । এই কথা জানিবলৈ দিয়ে প্রাক্তন বিধায়ক তথা অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱে। ষোল্লখন চহৰত যোৱা ২৯ আৰু ৩০ এপ্ৰিল, ২০২৩ তাৰিখে স্থানীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ সফলভাৱে হোৱা কাৰণে স্থানীয় আয়োজকসকলক শিলাদিত্য দেৱে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰে। আনহাতে সদৌ অসমভিত্তিত অনুষ্ঠিত ৰবীন্দ্ৰ জন্ম জয়ন্তী উদযাপনৰ মুখ্য কোঅর্ডিনেটৰ ড°সৌমেন ভাৰতীয়াই জনায় যে মাছখোৱাৰ আই টি এ চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্রতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগী তিনিজনকেই চূড়ান্ত বিজয়ী হিচাপে ঘোষণা কৰা হ’ব । গুৱাহাটীৰ চূড়ান্ত প্রতিযোগিতাত জয়লাভ কৰা তিনিজন প্রতিযোগীক এখনকৈ প্ৰশংসাপত্ৰ আৰু নগদ ধন যথাক্রমে ১০,০০০ টকা, ৭,০০০ টকা আৰু ৫,০০০ টকাৰে পুৰস্কৃত কৰা হ’ব বুলি শিলাদিত্য দেৱে জনায়। ড°সৌমেন ভাৰতীয়াই কয়, চহৰভিত্তিক প্রতিযোগিতাসমূহৰ দৰে গুৱাহাটীৰ চূড়ান্ত প্রতিযোগিতাতো বিচাৰকমণ্ডলীয়ে লোৱা সিদ্ধান্তকেই চূড়ান্ত বুলি গণ্য কৰা হ’ব। আই টি এ চেণ্টাৰৰ এই অনুষ্ঠানৰ আটাইতকৈ আকর্ষণীয় দিশ হৈছে, এই অনুষ্ঠানত অসমৰ প্ৰখ্যাত গায়ক–গায়িকা যথাক্রমে মনীষা হাজৰিকা, পুলক বেনাৰ্জী, অনিতা শৰ্মা, ৰূপম ভূঞা, ড° মৌচুমী চহৰীয়া, প্রিয়াঞ্জনা ভট্টাচাৰ্য, সুশান্ত চৌধুৰী আৰু আত্রেয়ী চক্ৰৱৰ্তীয়ে সংগীত আৰু নৃত্য পৰিৱেশন কৰিব। এই অনুষ্ঠানত সকলো স্তৰৰ জনসাধাৰণৰ বাবে প্ৰৱেশ অবাধ। কোনো ধৰণৰ প্ৰৱেশ মূল্য নালাগিব। উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কাৰ্যকৰী সভাপতি উৎপল চৰকাৰ, সদৌ অসম বঙালী পৰিষদৰ উপসভাপতি পার্থ প্রতিম ভট্টাচাৰ্য, সমাজসেৱী ৰক্তিম স্বামী। শেষত এই অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানক সাফল্যমণ্ডিত কৰাৰ বাবে সকলো ৰবীন্দ্ৰপ্ৰেমী আৰু সংস্কৃতিমনস্ক ব্যক্তিসকলকে ধৰি সৰ্বস্তৰৰ ৰাইজলৈ অসম ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ তৰফৰ পৰা আৱেদন জনোৱা হৈছে।