অস্ত আকাশ- নিতিষ্মান দাস

Pc Istock

অস্ত আকাশ

 নিতিষ্মান দাস
নৱম শ্ৰেণী

অস্ত আকাশে আজি দেখোন বৰ হেঙুলীয়া
স্মৃতিবোৰ জিলিকায় ;
হেৰাই যোৱা সেই সপোন বিচাৰি ডাৱৰে
এন্ধাৰক উটুৱায়!
দেখিলোঁ এই বছৰৰ সপোনে ভৰা আজি
শেষটি অস্ত আকাশ ;
প্ৰতিশ্ৰুতি দিলোঁ ! আনিম নৱ দিনৰ মই
নৱ হেঙুলী প্ৰকাশ।
লুইতৰ প্ৰবাহিত লহৰত ঢৌ জগাম
এন্ধাৰৰ পাৰ ভঙা ;
ফুলনিত ফুলিব নতুন সুবাসীত ফুল
বৰণীয়া, শুভ্ৰ, ৰঙা।
কাৰোবাৰ অভিশাপ, কাৰোবাৰ আশীৰ্বাদ
এই যে বৃদ্ধ বছৰ ;
অস্ত আকাশৰ স’তেইবৈ গ’ল লুইতৰ
ক্লান্তবিহীন লহৰ।
বছৰৰ শেষ বেলিটিয়ে সপোন পুনৰ
দিলে আজি সোঁৱৰাই ;
ৰৈ আছোঁ মাথোঁ মই নতুন বছৰৰ নৱ
বেলিটিৰ বাট চাই।
জন্মিব চাগৈ ! নৱ প্ৰকাশ লৈ অহা মহান
যুগৰ মহামানৱ ;
ধুমুহা আহিব নাশিবলৈ সমাজৰ সেই
ঘোৰ নিষ্ঠুৰ দানৱ।
নয়নে বৈ পৰক নৱ বৰ্ষত সকলোৰে
সুখৰ অশ্ৰু টোপাল ;
হৈ পৰক নৱ বছৰ বহু আবেগে ভৰা
স্মৃতিৰ এটি ভঁৰাল।
জগতৰ মংগল কৰিবলৈ ঈশ্বৰক
জনালোঁ মই মিনতি ;
ধৰা উপচি পৰক সুখ-সম্প্ৰীতিৰে
জিলিকাই সুখ-শান্তি।