অসম সাহিত্য সভাৰ মজিয়াত চৰম অপমান প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াক

অসম সাহিত্য সভাৰ মজিয়াত চৰম অপমান প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াক

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰতিনিধিয়ে দলিয়ালে সাহিত্যিক ড০ নগেন শইকীয়া নাম সন্নিবিষ্ট ফলক।অবিশ্বাস যেন লাগিলেও এই কথা সত্য। সমগ্র ৰাজ্যতে সম্মান প্ৰদান কৰি অহা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মৃতভাষ স্ৰষ্টা, সাহিত্যক ড০ নগেন শইকীয়াক চৰম অপমানিত কৰা হল সাহিত্য সভাৰ মজিয়াতে। ডিব্ৰুগড়ত সংঘটিত হৈছে এই অপমানজনীত ঘটনা। অবিশ্বাস্য যেন লাগিলেও এই কথা সত্য যে ডিব্ৰুগড়ৰ চৌকীডিঙিত অৱস্থিত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় চৌহদত নিৰ্মাণ হৈ থকা ডিব্ৰুগড় জিলা সাহিত্যৰ সভাৰ কাৰ্যালয়ত জিলা সাহিত্য সভাৰ প্ৰতিনিধিয়ে কৰিছে এই ঘৃননীয় কৰ্ম। ডিব্ৰুগড় জিলা সাহিত্য সভাৰ পুৰণি কাৰ্যালয়টো নতুন কৰাৰ নামত অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত প্ৰায় ১২ (বাৰ) লাখ টকা লাভ কৰা পাছতে ডিব্ৰুগড় জিলাৰ সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতিনিধিয়ে পুৰণি কাৰ্যালয়ত লাগি থকা সাহিত্যিক জনাৰ নামফলক টুকুৰা টুকুৰ কৰি ভাঙি তাৰ ঠাইত লগালে অইল ইণ্ডিয়া লিমিটেডৰ ফলক। উল্লেখযোগ্য যে,২০১১ চনতে সেই সময়ৰ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি তথা মৰাণ সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত কিৰণ কুমাৰ গগৈৰ লগতে সাহিত্যিক ড০ নগেন শইকীয়াই অশেষ ত্যাগ স্বীকাৰ কৰি ডিব্ৰুগড় জিলা সাহিত্য সভাক দিছিল এটি স্থায়ী ঠিকনা, জিলা সাহিত্য সভাৰ এটি কাৰ্যালয় নিৰ্মাণ কৰি শুভ উদ্বোধন কৰিছিল। উদ্বোধনৰ সময়ত কমিটীয়ে কাৰ্যালয় গৃহটিত সাহিত্যিক দুজনাৰ নামত আঁৰি দিছিল এখনি ফলক।কিন্তু এইবাৰ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ বৰ্ত্তমান প্ৰতিনিধিয়ে অইল ইণ্ডিয়াৰ পৰা ধন লাভ কৰিয়েই পাহৰিলে সাহিত্যিক ড০ নগেন শইকীয়াৰ সেই ত্যাগ লগতে অপমান কৰিলে সেই সময়ৰ সভাপতি প্ৰয়াত কিৰণ কুমাৰ গগৈক ।যি সময়ত ৰাজ্যবাসীয়ে স্মৃতি হিচাপে সাহিত্যিক ড০ নগেন শইকীয়াক শ্ৰদ্ধা কৰি আহিছে , সেই সময়তে সাহিত্যৰ নামত এটা শব্দ নজনা একাংশই পদবী লৈ অপমান কৰিছে ঋষিতুল্য সাহিত্যিক গৰাকীক।ইফালে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ এই কাণ্ডত জাঙুৰ খাই উঠিছে আছুকে ধৰি দল সংগঠন। সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে নিৰ্মান হোৱা এই কাৰ্যালয়ৰ কৰ্ম সম্পূৰ্ন দুৰ্নীতি বুলি উল্লেখ কৰিছে। সাহিত্যিক জনক অপমান কৰাটো কোনো কাৰণতে মানি লোৱা নহব বুলি হুংকাৰ প্ৰদান ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ।আনহাতে মেছ কছাৰী ছাত্ৰ সন্থা,তাই আহোম ছাত্ৰ সন্থা, কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে সাহিত্যিক ড০ নগেন শইকীয়াক কৰা অপমানৰ বাবে সততে বিৰ্তকত সোমাই থকা জিলা সাহিত্য সভাৰ বৰ্তমানৰ কাৰ্য্যকতা সকলক গৰিহণা দিয়ে।অইল ইণ্ডিয়া লিমিটেডৰ পৰা লাভ কৰা অধিক ধন নিজৰ পকেটত ভৰাই সামান্য কৰ্ম কৰি পুৰণি গৃহক নতুন ৰূপ দিয়াৰ অভিযোগো ছাত্ৰ নেতা সকলৰ। এই দিশত অইল ইণ্ডিয়া লিমিটেডক সমগ্ৰ বিষয়ত নজৰ দিবলৈ আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি তনুজ হালৈ আৰু সাধাৰণ সম্পাদক পাপু শইকীয়াই ।